ডিমা হাছাও, ১৩ ফেব্ৰুৱাৰী: শনিবাৰে হাফলঙত দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোক আৰু গৃহহীন বহু লোকক ইণ্ডিয়ান ৰেডক্ৰছ ছচাইটি হাফলং শাখাৰ তৰফৰ পৰা কম্বল বিতৰণ কৰে । এই কথা জনায় ইণ্ডিয়ান ৰেডক্ৰছ ছচাইটি হাফলং শাখাৰ সচিব নিৰ্মল সিঙে ।
উল্লেখযোগ্য যে, ডিমা হাছাও জিলাত ইণ্ডিয়ান ৰেডক্ৰছ ছচাইটিৰ হাফলং শাখাই বিভিন্ন ধৰণৰ সমাজ সেৱামূলক কামত জড়িত হৈ আহিছে । অতিমাৰীৰ কালচোৱাৰ পৰা ৰেডক্ৰছ ছচাইটিয়ে দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকক বিভিন্ন সময়ত সাহায্য আগবঢ়াই আহিছে । অনাগত দিনত হাফলঙৰ সমীপৰ ভিন্ন গাঁৱতো ৰেডক্ৰছ ছচাইটিৰ সদস্যসকলে কম্বল বিতৰণ কৰিব বুলি জানিবলৈ দিয়ে নিৰ্মল সিঙে ।
লগতে পঢ়ক: পাথাৰকান্দিত কংগ্ৰেছৰ বুথ সংকল্প সমাৰোহত বিশৃংখল পৰিস্থিতি