ডিমা হাছাও 21 জানুৱাৰী: ডিমা হাছাও জিলাৰ উমৰাংচুত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে । জানিব পৰা মতে উমৰাংচু আৰক্ষী থানাৰ অন্তৰ্গত 15 কিলোৰ পৰা বুধবাৰে পুৱা এগৰাকী 18 বছৰীয়া যুৱতীৰ মৃতদেহ উদ্ধাৰ কৰে উমৰাংচো আৰক্ষীয়ে।
![GIRL DEAD BODY RECOVERED AT UMRANGSHU](https://etvbharatimages.akamaized.net/etvbharat/prod-images/5788788_umrangsu.jpg)
সোমবাৰে নিশা প্ৰায় 10 বজাত উমৰাংচু 15 কিলোৰ বাসিন্দা হেংচেঙলৈ খেলমা নামৰ যুৱতীগৰাকী ঘৰৰ পৰা কোনো কামত ওলাই অহাৰ পৰা নিৰুদ্দেশ হৈ আছিল । ৰহস্যজনকভাৱে সন্ধানহীন হৈ পৰা যুৱতীগৰাকীৰ মৃতদেহ বুধবাৰে পুুৱা প্ৰায় 10 বজাত গাঁওবাসীয়ে 15 কিলো এলেকাৰ পৰা কিছু নিলগৰ জংঘলৰ মাজত প্ৰত্যক্ষ কৰি উমৰাংচু আৰক্ষীক খবৰ দিয়ে ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ যুৱতী গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি উমৰাংচু অসামৰিক চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ প্ৰেৰণ কৰাৰ লগতে ঘটনাৰ তদন্ত আৰম্ভ কৰে।
লগতে পঢ়ক তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত 27তম প্ৰতিষ্ঠা দিৱস উদযাপন