ETV Bharat / state

Entry restricted for tourists in Panimur : পানীমূৰত পৰ্যটকৰ প্ৰৱেশত নিষেধাজ্ঞা জাৰি

author img

By

Published : Jan 6, 2022, 2:17 PM IST

25 ডিচেম্বৰত নিমণি দাস নামৰ এগৰাকী 35 বছৰীয়া ব্যক্তি সন্ধানহীন হৈছিল পানীমুৰত ৷ এটা শিলৰ ওপৰত থিয় হৈ চেল্ফি লওঁতেই জলপ্ৰপাত পৰি যায় ব্যক্তিজন ৷ এই ঘটনাৰ পিছতে সষ্টম হৈ পৰে জিলা প্ৰশাসন ৷ সম্প্ৰতি, এই স্থানত পৰ্যটক নিষিদ্ধ কৰিছে জিলা প্ৰশাসনে (Entry restricted for tourists in Panimur) ৷

Panimur Waterfall
পানীমূৰত নিষেধ পৰ্যটক

ডিমা হাছাও, 6 জানুৱাৰী : প্ৰতিগৰাকী লোকে সৌন্দৰ্যৰ সাধক, সৌন্দৰ্যৰ পিপাসু ৷ প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰিবলৈ যাওঁতে নিজক প্ৰকৃতিৰ মাজত বিলীন কৰি দি আমি প্ৰশান্তি লাভ কৰোঁ ৷ যিকোনো ভাল ছবিখন নাইবা ভাল মূহুৰ্ত এটা আমি সাঁচি ৰাখিব বিচাৰো ম’বাইলৰ কেমেৰাত ৷ কিন্তু কেতিয়াবা সামান্য অসাৱধানতাই কাল হৈ নামে জীৱনলৈ ৷

Panimur Waterfall
পানীমূৰত নিষেধ পৰ্যটক

বিগত দুটা বৰ্ষত ক’ৰণাকালীন পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পৰ্যটকসকল ভ্ৰমণৰ পৰা আঁতৰি আছিল ৷ ৰাজ্যৰ পৰ্যটন স্থানসমূহ বন্ধ ৰখা হৈছিল কৰ’ণাৰ গণ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখিয়ে ৷ ভ্ৰমণৰ ক্ষেত্ৰত অৱশ্যে চৰকাৰী নিষেধাজ্ঞাও আছিল ৷ কিন্তু দুবছৰীয়া বিৰতিৰ মূৰত পৰিস্থিতি কিছু পৰিমাণে নিয়ন্ত্ৰণলৈ অহাত পৰ্যটকৰ বাবে পৰ্যটনথলীসমূহ পুনৰ মুকলি কৰি দিয়া হৈছে ৷ যাৰ বাবে পৰ্যটনস্থলীসমূহলৈ সোঁত বৈছে পৰ্যটকৰ ৷

কিন্তু কথাতে কয় নহয় স্থান, কাল, পাত্ৰ চাইহে কথা আৰু কাম ৷ ম’বাইলৰ ব্যৱহাৰৰ ক্ষেত্ৰতো কথাষাৰ সমানেই প্ৰযোজ্য ৷ পৰ্যটনস্থলীসমূহত ম’বাইলৰে ফটো তোলাৰ সময়ত একাংশ লোকৰ অসাৱধানতাৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱাৰো নজিৰ আছে ৷ বিশেষকৈ চেল্ফি প্ৰিয় লোকসকলৰ মাজত এনে ঘটনা সংঘটিত হোৱা প্ৰায়ে দেখা যায় ৷

Panimur Waterfall
পানীমূৰত নিষেধ পৰ্যটক

যোৱা বছৰৰ শেষৰ ভাগৰ পৰা ডিমা হাছাওৰ পানীমূৰ জলপ্ৰপাতলৈ সোঁত বৈছে পৰ্যটকৰ ৷ বিগত 25 ডিচেম্বৰত পানীমূৰলৈ অহা নিমণি দাস নামৰ এগৰাকী 35 বছৰীয়া ব্যক্তি জলপ্ৰপাতত পৰি সন্ধানহীন হৈছিল ৷ এটা শিলত উঠি হৈ চেল্ফি লওঁতেই জলপ্ৰপাতটোত পৰি যায় ব্যক্তিজন ৷ এই ঘটনাৰ পিছতে সষ্টম হৈ পৰে জিলা প্ৰশাসন ৷ যাৰ বাবে এতিয়াৰে পৰা এই স্থানত প্ৰৱেশ নিষিদ্ধ থাকিব পৰ্যটকৰ ৷ এই সিদ্ধান্ত গ্ৰহণ কৰিছে জিলা প্ৰশাসনৰ লগতে বন বিভাগে (Entry restricted for tourists in Panimur) ৷

Panimur Waterfall
পানীমূৰত নিষেধ পৰ্যটক

সেই অনুসৰি, সমগ্ৰ পানীমূৰ এলেকাত প্ৰশাসনে বান্ধি দিছে বেৰিকেড ৷ এনে ধৰণৰ দুৰ্ঘটনা ৰোধ কৰিবৰ বাবে প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে ৰেঞ্জাৰ অসীম গাৰ্লচাই ৷ উল্লেখ্য যে, এই জলপ্ৰপাতত পৰি সন্ধানহীন হোৱা নিমণি দাসৰ মৃতদেহ ঘটনা সংঘটিত হোৱাৰ 8 দিনৰ পিছত পানীমূৰ নৈত উদ্ধাৰ কৰা হয় ৷

লগতে পঢ়ক : বনভোজ খাবলৈ গৈ ধনশিৰিত নিখোজ অভিযন্তা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.