ETV Bharat / state

বন্যহস্তীৰ ত্ৰাসত ত্ৰস্তমান উমৰাংচুৰ ৰাইজ

উমৰাংচুত বন্যহস্তীয়ে টোপনি হৰিছে ৪ খনকৈ গাঁৱৰ ৰাইজৰ । নিশা ছোট লকহীনডং, চিকিলাংছ', চিৰিলাংছ' আৰু কুক্ৰিলাংছ' গাঁৱত উপদ্ৰৱ চলায় বনৰীয়া হাতীয়ে । ১৫টাৰো অদিক বাসগৃহ লণ্ডভণ্ড কৰাৰ লগতে হাতীৰ জাকে তচনচ কৰে বিঘাই বিঘাই কৃষিভূমি ।

উমৰাংছুত বন্যহস্তীয়ে টোপনি হৰিছে ৪ খনকৈ গাঁৱৰ ৰাইজৰ

author img

By

Published : Dec 11, 2020, 9:58 PM IST

ডিমা হাছাও, ১১ ডিচেম্বৰ : ডিমা হাছাও জিলাৰ উমৰাংচুত নিশা হ'লেই উপদ্ৰৱ চলায় বন্যহস্তীয়ে । সঘনাই খাদ্যৰ সন্ধানত জনাঞ্চলত বন্যহস্তীয়ে তাণ্ডৱ চলোৱাত আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ । বৃহস্পতিবাৰে নিশাও উমৰাংচুৰ ৪ খন গাঁৱত বনৰীয়া হাতীৰ বৃহৎ জাকে উপদ্ৰৱ চলায় । ছোট লকহীনডং, চিকিলাংছ', চিৰিলাংছ' আৰু কুক্ৰিলাংছ' গাঁৱত ১৫টাৰো অধিক বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে । কথমপি প্ৰাণ ৰক্ষা পৰে গাঁওবাসীৰ ।

লগতে হাতীয়ে খেতি পথাৰৰ শস্য খাই, গচকি তহিলং কৰে । অতি কষ্টেৰে কৰা খেতি বন্যহস্তীয়ে তচনচ কৰাত এতিয়া মূৰে-কপালে হাত দিবলগীয়া হৈছে দৰিদ্ৰ কৃষকে । খাদ্য সন্ধানত এই গাঁওকেইখনত সঘনাই উপদ্ৰৱ চলায় বনৰীয়া হাতীয়ে । বৃহস্পতিবাৰে নিশাও গাঁওকেইখনত বহু সময় ধৰি উপদ্ৰৱ চলোৱাৰ পিছত পুনৰ বনাঞ্চললৈ উভতি যায় হাতীৰ জাকটো ।

পুনৰ হাতীয়ে উপদ্ৰৱ চলোৱাৰ আংশকাত এতিয়া বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে স্থানীয় ৰাইজে । আনহাতে বন বিভাগৰ লোকে হাতী খেদাৰ স্থায়ী ব্যৱস্থা নকৰাত ৰাইজ ক্ষোভিত হৈ পৰিছে ।

লগতে পঢ়ক:শনিবাৰে 7.30 বজাৰ পৰা আৰম্ভ হ'ব বাক্সা জিলাৰ ভোটগণনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.