ETV Bharat / state

বুছুডিমাৰ নিশা দুৰ্বৃত্তৰ গুলিত নিহত লোকসকললৈ শ্ৰদ্ধাঞ্জলি ডিমাছা ছাত্ৰ সন্থাৰ - দুৰ্বৃত্তৰ গুলিত প্ৰাণ হেৰুওৱা লোক

বুছুডিমাৰ নিশা কাৰ্বি পাহাৰত দুৰ্বৃত্তৰ গুলিত প্ৰাণ হেৰুওৱা লোকসকললৈ শ্ৰদ্ধা নিবেদন কৰে ডিমাছা ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাই । হাফলঙত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে ছাত্ৰ সংগঠনটোৱে । ধনশিৰিৰ খাৰনাইডিচা গাঁৱত ডিএইচডি উগ্ৰপন্থী সংগঠনৰ প্ৰাক্তন নেতা আৰু এগৰাকী মহিলাক গুলিয়াই হত্যাৰ কৰা ঘটনাৰ তীব্ৰ গৰিহণা দিয়ে ।

বুছুডিমাৰ নিশা দুৰ্বৃত্তৰ গুলিত নিহত লোকসকললৈ শ্ৰদ্ধাঞ্জলি ডিমাছা ছাত্ৰ সন্থাৰ

author img

By

Published : Feb 2, 2021, 7:33 PM IST

ডিমা হাছাও, ২ ফেব্ৰুৱাৰী: সোমবাৰে নিশা হাফলং চহৰত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে ডিমাছা ছাত্ৰ সন্থাই । বুছুডিমাৰ নিশা কাৰ্বি আংলং জিলাৰ ধনশিৰিৰ খাৰনাইডিচা গাঁৱত দুৰ্বৃত্তৰ গুলিত নিহত লোকসকললৈ শ্ৰদ্ধা নিবেদন কৰে সংগঠনটোৰ কৰ্মকৰ্তাই । কাৰ্বি আংলং জিলাৰ অসম-নগালেণ্ড সীমান্তৱৰ্তী এই গাঁওখনত উক্ত নিশা দুৰ্বৃত্তই ডিএইচডি উগ্ৰপন্থী সংগঠনৰ প্ৰাক্তন সদস্য অমিত নুনিচা আৰু এল্টা মাইবাংচা আৰু এগৰাকী মহিলাক হত্যা কৰিছিল ।

বুছুডিমাৰ নিশা দুৰ্বৃত্তৰ গুলিত নিহত লোকসকললৈ শ্ৰদ্ধাঞ্জলি ডিমাছা ছাত্ৰ সন্থাৰ
বুছুডিমাৰ নিশা দুৰ্বৃত্তৰ গুলিত নিহত লোকসকললৈ শ্ৰদ্ধাঞ্জলি ডিমাছা ছাত্ৰ সন্থাৰ

সোমবাৰে মমবাতি জ্বলাই এই লোকসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সদৌ ডিমাচা ছাত্ৰ সন্থা, ডিমাচা মাদাৰ এছ'চিয়েছন, ডিমাচা জনগোষ্ঠীৰ জাতীয় সংগঠন জাদিখে নাইচো হচমৰ লগতে বিভিন্ন দল সংগঠনে । ডিমাচা জনগোষ্ঠীৰ জাতীয় উৎসৱ বুছুডিমা চলি থকাৰ সময়ত দুৰ্বৃত্তই এনেদৰে গুলীচালনা কৰা কাৰ্যক তীব্ৰ গৰিহণা দিয়ে সংগঠনকেইটাই ।

উল্লেখ্য যে, যোৱা ২৭ জানুৱাৰীত কাৰ্বি আংলং জিলাৰ অসম-নগালেণ্ড সীমান্তত থকা ধনশিৰিৰ খাৰনাইডিচা গাঁৱত নিশা প্ৰায় ১১.৩০ বজাত দুৰ্বৃত্তই গুলিয়াই হত্যা কৰিছিল ডিএইচডি উগ্ৰপন্থী সংগঠনৰ প্ৰাক্তন সদস্য অমিত নুনিচা আৰু এল্টা মাইবাংচা আৰু এগৰাকী মহিলাক । আনহাতে, দুৰ্বৃত্তৰ গুলিত আহত হৈছিল আশিস ফংলোচা নামৰ এজন যুৱক ।

লগতে পঢ়ক:বিটিআৰত কাৰ্যবাহী সদস্যৰ নেতৃত্বত অনুসন্ধান কমিটী গঠন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.