ডিমা হাছাও, ৯ অক্টোবৰ: ৰাজ্যজুৰি ড্ৰাগছ তথা নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে । ফলস্বৰূপে প্ৰায় প্ৰতিদিনে ঠায়ে ঠায়ে জব্দ হৈছে গাঞ্জা, ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰব্য । প্ৰতিদিনেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যাপক পৰিমাণৰ ড্ৰাগছ জব্দ কৰিছে অসম আৰক্ষীয়ে ।
ইয়াৰ মাজতেই ডিমা হাছাও জিলাত অসম আৰক্ষীয়ে পৃথক পৃথক অভিযান চলাই জব্দ কৰে হেৰ'ইন (Drugs seized at Dima Hasao)। শনিবাৰ আৰু ৰবিবাৰে হাফলং আৰক্ষীয়ে হাফলঙৰ বিভিন্ন ঠাইত অভিযান চলাই হেৰ'ইনৰ লগতে ১০৪ টা খালি কন্টেইনাৰ জব্দ কৰে ।
ইপিনে,যোৱা দুদিনত হাফলং আৰক্ষীয়ে অভিযান চলাই ইয়াৰ সৈতে জড়িত পাঁচজন যুৱকক গ্ৰেপ্তাৰ কৰে (Drugs dealer arrested at Dima Hasao) ।