ডিমা হাছাও, 14 জুন : ডিমাচা নেশ্যনেল লিবাৰেচন আৰ্মি চমুকৈ ডিএনএলএ কোনো উগ্ৰপন্থী সংগঠন নহয় বুলি এক ভিডিঅ' বাৰ্তা যোগে প্ৰকাশ কৰে ডিমাচা নেশ্যনেল লিবাৰেচন আৰ্মিৰ নেতৃত্বই । হাতত মাৰণাস্ত্ৰ লৈ এটা ভিডিঅ' যোগে সংগঠনটোৱে এই বাৰ্তা প্ৰচাৰ কৰে ।
জংঘলৰ পৰা ড.এনএলএৰ এজন নেতাই সদৰি কৰে যে, "ডি এন এল এ সংগঠনটো কোনো উগ্ৰপন্থী সংগঠন নহয় । আমি ডিমাচা খিলঞ্জীয়া মানুহৰ অধিকাৰ আদায়ৰ কাৰণে যুঁজি আছোঁ । আমাৰ জনগোষ্ঠীৰ অধিকাৰ আৰু জাতিৰ সুৰক্ষাৰ বাবে আমি সংগঠন গঠন কৰিছো । দীৰ্ঘদিনৰ পৰা আমি আমাৰ জাতিটোৰ অধিকাৰ আদায়ৰ বাবে সংগ্ৰাম অব্যাহত আছে । আমি আমাৰ জাতিটোৱে নিজৰ দেশতেই বিভিন্ন সা -সুবিধাৰ পৰা বঞ্চিত হৈ আছো " ।
লগতে উগ্ৰপন্থী নেতাজনে কয় তেওঁলোকে নগা আৰু অন্যান্য জাতি জনগোষ্ঠীয়ে যেনেকৈ নিজৰ ভূমিৰ দাবী কৰি আহিছে,তেনেকৈ নিজৰ জাতিৰ কাৰণে কোনো ভূমিৰ দাবী কৰা নাই ৷ কেৱল নিজৰ জাতিৰ কাৰণে অধিকাৰহে বিচাৰিছে । ডিএনএলএয়ে উগ্ৰপন্থীৰ দৰে এতিয়াও কোনো কাম কৰা নায় ৷ উগ্ৰপন্থী সংগঠন আৰু তেওঁলোকৰ সংগঠনৰ মাজত বহু ব্যৱধান আছে বুলি দাবী কৰে ৷ সংগঠনটোৰ নেতা গৰাকীয়ে আৰু কয় যে, " স্বাধীনতা আমাৰ অধিকাৰ, যাৰ বাবে আমি আমাৰ জাতি -গোষ্ঠীৰ অধিকাৰ আদায়ৰ দাবীত এই যুঁজ অব্যাহত ৰাখিছোঁ ৷ জাতিটোৰ উন্নয়ন আৰু শান্তি প্ৰতিষ্ঠাৰ লক্ষ্যৰে যুঁজি যাম " ।
লগতে পঢ়ক- ঋতুপৰ্ণ পেগুৰ হত্যাৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় বজৰং দলৰ প্ৰতিবাদ