ডিমা হাছাও, 27 নৱেম্বৰ: ডিমা হাছাও জিলা সদৰ হাফলংত টেম্প'ৰ ভাড়া বৃদ্ধিক কেন্দ্ৰ কৰি ৰাইজৰ মাজত ব্যাপক ক্ষোভ সৃষ্টি হৈছে । জিলা প্ৰশাসন বা পৰিবহণ বিভাগৰ অনুমতি অবিহনে অটো চালক সকলে ভাড়া বৃদ্ধি কৰাক লৈ সৰৱ হৈ উঠিছে স্থানীয় ৰাইজ ।
যোৱা কিছু দিনৰ পৰা হাফলং চহৰত অত্যধিক হাৰত বৃদ্ধি পাইছে অটো ভাড়া । যাৰ ফলত সাধাৰণ ৰাইজ বিপাঙত পৰা পৰিলক্ষিত হৈছে । এতিয়া হাফলং চহৰত 10 টকা ভাড়াৰ ঠাইত 20 টকাকৈ লোৱাৰ অভিযোগ উত্থাপন কৰিছে ৷ হাফলং চহৰৰ পৰা নিম্ন হাফলং চৰকাৰী বাগান বাগেটাৰ আৰু নিউ হাফলং ষ্টেচনলৈকে ভাড়া আছিল যথাক্ৰমে 15, 20, 30 আৰু 50 টকা ৷ এতিয়া ইয়াৰ ঠাইত ভাড়া হৈছে 30, 40 আৰু 100 টকা। এনেদৰে হাফলং চহৰত অটো চালক সকলে অত্যধিক হাৰত ভাড়া বৃদ্ধি কৰাৰ পিচতে জিলা প্ৰশাসন বা পৰিবহণ বিভাগে এই ক্ষেত্ৰত কোনো ব্যৱস্থা লোৱা নাই বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।
লগতে পঢ়ক: মাৰ্ঘেৰিটাত নাৰ্চিংহোমৰ আৱৰ্জনাৰ মাজত উদ্ধাৰ নৱজাত শিশুৰ মৃতদেহ