ETV Bharat / state

কৰ’ণাক লৈ কঠোৰ ডিমা হাছাও জিলা প্ৰশাসন

ডিমা হাছাওত প্ৰশাসনৰ দ্বাৰা অনুষ্ঠিত সজাগতা সভা ৷ জিলা উপায়ুক্ত পল বৰুৱাই হাফলঙৰ সাধাৰণ লোকৰ মাজত কৰ'ণাক লৈ সজাগতা সৃষ্টিৰ প্ৰয়াস কৰে ৷

author img

By

Published : Apr 24, 2021, 1:16 PM IST

কৰ’ণাক লৈ কঠোৰ ডিমা হাছাও জিলা প্ৰশাসন
কৰ’ণাক লৈ কঠোৰ ডিমা হাছাও জিলা প্ৰশাসন

ডিমা হাছাও,24 এপ্ৰিল: কৰ'ণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি হাফলঙত ডিমা হাছাও জিলা প্ৰশাসনে সজাগতা সৃষ্টিৰ চেষ্টা অব্যাহত ৰাখিছে ৷ শনিবাৰে এই সন্দৰ্ভত সজাগতা অভিযান চলোৱা হয় ৷ উল্লেখ্য যে, প্ৰতি শনিবাৰে হাফলঙৰ সাপ্তাহিক বজাৰ অনুষ্ঠিত হয় ৷ কিন্তু এই বজাৰলৈ অহা অধিকাংশ ৰাইজে মানি চলা নাই ক‘ভিড-19 ৰ চৰকাৰী নিয়ম-নীতি ।

প্ৰশাসন আৰু ডিমা হাছাও আৰক্ষীৰ ফালৰ পৰা বজাৰ আৰু ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰা লোকক মাস্ক বিতৰণ কৰে ৷ ব্যৱসায়িক প্ৰতিষ্ঠানত পানী, চাবোন আৰু চেনিটাইজাৰ ৰাখিবলৈ নিৰ্দেশ দিয়াৰ লগতে বজাৰসমূহত সামাজিক দূৰত্ব বজাই ৰখাৰ আহ্বান জনায় উপায়ুক্ত গৰাকীয়ে ।

কৰ’ণাক লৈ কঠোৰ ডিমা হাছাও জিলা প্ৰশাসন

উপায়ুক্ত পল বৰুয়াই কয় যে, কৰ'ণাক লৈ শনিবাৰৰ দিনটোত প্ৰশাসনৰ ফালৰ পৰা এক সজাগতা অভিযান চলোৱা হৈছে ৷ পৰৱৰ্তী সময়ত মাস্ক পৰিধান নকৰা আৰু চৰকাৰী নীতি-নিয়ম পালন নকৰাসকলক জৰিমনা বিহা হ’ব ৷

লগতে পঢ়ক : বৰপেটাত 320 গৰাকীলৈ বৃদ্ধি কৰ’ণা আক্ৰান্তৰ সংখ্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.