ETV Bharat / state

ডিমা হাচাওত কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ

ডিমা হাচাও জিলাত প্ৰকাশ কৰিলে কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ ৷ হাফলংৰ এখন হোটেলত সংবাদমেল পাতি হাফলং সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী নিৰ্মল লাংথাচাই প্ৰকাশ কৰিলে নিৰ্বাচনী ইস্তাহাৰখন ৷ ইস্তাহাৰ অনুসৰি কংগ্ৰেছ মহাজোঁট ক্ষমতাত আহিলে ষষ্ঠ অনুসূচীৰ 244(ক) অনুচ্ছেদ অনুসৰি পৃথক স্বায়ত্ব শাসিত ৰাজ্য গঠন কৰা হ'ব ৷

ডিমা হাচাওত প্ৰকাশ কৰিলে কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ

author img

By

Published : Mar 26, 2021, 6:11 PM IST

ডিমা হাছাও,26 মাৰ্চ: বৃহস্পতিবাৰে ডিমা হাচাও জিলাত কংগ্ৰেছে প্ৰকাশ কৰিলে নিৰ্বাচনী ইস্তাহাৰ ৷ হাফলংৰ এখন হোটেলত সংবাদমেল পাতি হাফলং সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী নিৰ্মল লাংথাচাই প্ৰকাশ কৰিলে নিৰ্বাচনী ইস্তাহাৰখন ৷

ডিমা হাচাওত প্ৰকাশ কৰিলে কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ

ইস্তাহাৰ অনুসৰি কংগ্ৰেছ মহাজোঁট ক্ষমতাত আহিলে ষষ্ঠ অনুসূচীৰ 244(ক) অনুচ্ছেদ অনুসৰি পৃথক স্বায়ত্ব শাসিত ৰাজ্য গঠন কৰা হ'ব। পঞ্চায়তিৰাজ প্ৰৱৰ্তন বাতিল কৰা হ'ব ৷ ডিমা হাছাও জিলাত হিলচ ইঞ্জিনিয়াৰিং কলেজ স্থাপন কৰাৰ লগতে স্থাপন কৰা হ'ব অসম বিশ্ব বিদ্যালয়ৰ কেম্পাছ ৷ বৃদ্ধি কৰা হ'ব উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিসদৰ অনুদিত তহবিল ।

ইয়াৰোপৰি, বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ ডিমাচা জনগোষ্ঠীৰ বাবে স্বায়ত্ব শাসিত পৰিষদ গঠন কৰাৰ লগতে পাৰ্বত্য পৰিষদত প্রতিনিধিত্ব নথকা জাতি জনগোষ্ঠীৰ লোক সকলৰ বাবে ডেভেল'পমেণ্ট বৰ্ড গঠন কৰা হ'ব বুলি ইস্তাহাৰখনত প্ৰকাশ কৰা হয় ৷ খোৱা পানীৰ সু-ব্যৱস্থা কৰাৰ লগতে সৌৰ বিদ্যুৎ উৎপাদনৰ বাবে এখন কৰ্পোৰেচন গঢ়ি তোলাৰ কথাও কংগ্ৰেছৰ ইস্তাহাৰত প্ৰকাশ পায় ৷

লগতে পঢ়ক: বঙাইগাঁৱৰ ঐতিয্যমণ্ডিত নাক কাটী পাহাৰত বনজুই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.