ETV Bharat / state

শিলচৰ-সৌৰাষ্ট্র ইষ্ট-ৱেষ্ট কৰিড'ৰ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিৰুদ্ধে CBI তদন্তৰ দাবী ডিমাচা ছাত্ৰ সন্থাৰ। শিলচৰ-সৌৰাষ্ট্র ইষ্ট-ৱেষ্ট কৰিড'ৰ নিৰ্মাণৰ কামত অনিয়ম হোৱাৰ অভিযোগ ছাত্ৰ সংগঠনটোৰ। নিম্ন মানৰ সামগ্ৰীৰে ফ'ৰলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰাৰ অভিযোগ।

শিলচৰ-সৌৰাষ্ট্র ইষ্ট-ৱেষ্ট কৰিড'ৰ নিৰ্মাণত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ

author img

By

Published : Nov 9, 2020, 7:47 PM IST

Updated : Nov 9, 2020, 9:06 PM IST

ডিমা হাছাও, ৯ নৱেম্বৰ: ফ'ৰলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত ব্য়াপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিৰুদ্ধে। ডিমাচা ছাত্ৰ সন্থাই অভিযোগ তুলিছে যে, শিলচৰ-সৌৰাষ্ট্র ইষ্ট-ৱেষ্ট কৰিড'ৰ নিৰ্মাণৰ কামত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে কেৱল ধন শৰাধ কৰি আহিছে। আজিকোপতি ফ'ৰলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম সম্পূৰ্ণ নহ'ল। এতিয়ালৈকে নিৰ্মাণ সম্পূৰ্ণ কৰা পথত নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ কৰা হৈছে বুলি অভিযোগ তুলিছে ছাত্ৰ সংগঠনটোৱে। সেয়ে, এই সন্দৰ্ভত CBI তদন্তৰ দাবী জনাইছে ডিমাচা ছাত্ৰ সন্থাই।

শিলচৰ-সৌৰাষ্ট্র ইষ্ট-ৱেষ্ট কৰিড'ৰ নিৰ্মাণত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ
শিলচৰ-সৌৰাষ্ট্র ইষ্ট-ৱেষ্ট কৰিড'ৰ নিৰ্মাণত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ

সংগঠনটোৰ সাধাৰণ সম্পাদক প্ৰমিত চেংয়ুঙয়ে কয় যে, বিগত দেৰ দশক ধৰি ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত ব্যাপক দুৰ্নীতি সংঘটিত হৈছে। ২০১১ চনত জাতিংগাৰ পৰা হাৰেংগাজাও সংযোগী ২৫ কিল'মিটাৰ অংশ নিৰ্মাণৰ দায়িত্ব জে কে এম ইনফ্ৰা প্ৰাইভেট লিমিটেড নামৰ নিৰ্মাণকাৰী সংস্থাটোক অৰ্পণ কৰাৰ পিছত যোৱা ৫ বছৰত এই নিৰ্মাণকাৰী সংস্থাটোৱে মাত্ৰ ৪ কিল'মিটাৰ পথহে নিৰ্মাণ কৰে। ফলত ২০১৬ চনত এই নিৰ্মাণকাৰী সংস্থাটোক ব্লেকলিষ্টেড কৰে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ প্ৰাধিকৰণে।

ইয়াৰ পিছতে জাতিংগাৰ পৰা হাৰেংগাজাও সংযোগী ২৫ কিল'মিটাৰ দৈৰ্ঘৰ ঘাইপথ নিৰ্মাণৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ প্ৰাধিকৰণে ৫৪ কোটি ৩২ লাখ টকা আৰু জাতিংগাৰ পৰা নিৰিমবাংলোৰ সংযোগী ২৫ কিল'মিটাৰ ঘাইপথ নিৰ্মাণৰ বাবে ২৪ কোটি টকা মোকোলাই দিয়ে। ২০১৯ চনত ৰত্না ইনফ্ৰা প্ৰজেক্ট প্ৰাইভেট লিমিটেড নামৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোক এই পথচোৱা নিৰ্মাণৰ কাম দিয়া হয়। কিন্তু এতিয়ালৈকে এই পথ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিব পৰা নাই নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৱে। সেয়ে, এই কেলেংকাৰীৰ তদন্তৰ দায়িত্ব CBIক অৰ্পণ কৰিবলৈ দাবী জনাইছে ডিমাচা ছাত্ৰ সন্থাই।

সম্প্ৰতি ডিমা হাছাওৰ জিলা উপায়ুক্ত পল বৰুৱাৰ জৰিয়তে এখন স্মাৰক পত্ৰ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গডকাৰীলৈ প্ৰেৰণ কৰিছে সংগঠনটোৱে। এই স্মাৰক পত্ৰত সংগঠনটোৱে ৰত্না ইনফ্ৰা প্ৰজেক্ট প্ৰাইভেট লিমিটেডৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি এই পথ নিৰ্মাণৰ কামৰ পৰা অব্যাহতি দিয়াৰ দাবী জনায়।

লগতে পঢ়ক:সেউজ ন্যায়াধীকৰণৰ নিৰ্দেশক আওকাণ কৰি মহানগৰীত মজুত ফটকা

Last Updated : Nov 9, 2020, 9:06 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.