ETV Bharat / state

বিজ্ঞান শাখাত 100 শতাংশ উত্তীৰ্ণৰ হাৰেৰে ডিমা হাচাও

author img

By

Published : Jul 31, 2021, 5:32 PM IST

ৰাজ্যৰ শৈক্ষিক ইতিহাসত প্ৰথমবাৰৰ বাবে পৰীক্ষা অবিহনে বিকল্প মূল্যায়ন ব্যৱস্থাৰ যোগেদি ফলাফল ঘোষণা কৰাত বিভিন্ন দিশত সৃষ্টি হৈছে অভিলেখ । বিজ্ঞান শাখাত এইবাৰ ৰাজ্যৰ মুঠ 38,430 গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত 38,068 গৰাকী উত্তীৰ্ণ হয় । উত্তীৰ্ণৰ হাৰ 99.06 শতাংশ ।

Dima Hasao district pass rate in science stream is 100 percent etv bharat assam news
বিজ্ঞান শাখাত ডিমা হাচাও জিলাৰ উত্তীৰ্ণৰ হাৰ এশ শতাংশ

গুৱাহাটী, 31 জুলাই : শনিবাৰে ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফলত বিজ্ঞান শাখাত 100 শতাংশ উত্তীৰ্ণৰে অভিলেখ সৃষ্টি কৰে ডিমা হাচাও জিলাই । বিজ্ঞান শাখাত জিলাখনৰ মুঠ 136 গৰাকী শিক্ষাৰ্থীৰ 136 গৰাকীয়েই উত্তীৰ্ণ হয় । ইয়াৰে 110 গৰাকীয়ে প্ৰথম বিভাগত, 24 গৰাকীয়ে দ্বিতীয় বিভাগত আৰু 2 গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হয় ।

উত্তীৰ্ণ হোৱা সকলৰ ভিতৰত 32,917 গৰাকীয়ে প্ৰথম বিভাগ, 4,609 গৰাকীয়ে দ্বিতীয় বিভাগ আৰু 542 গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হয় । বিগত বৰ্ষত উত্তীৰ্ণৰ হাৰ আছিল 88.06 শতাংশ । উত্তীৰ্ণৰ হাৰ এইবাৰ 11 শতাংশলৈ বৃদ্ধি হ'ল ।

লগতে চাওকঃ অমলেটেই কাল হ’ল এগৰাকী মহিলাৰ...

বিজ্ঞান শাখাত অৱত্তীৰ্ণ হয় 362 গৰাকী শিক্ষাৰ্থী । উল্লেখ্য যে, উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল বুলি ক’লে ৰাজ্যজুৰি এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰে । বিশেষকৈ ফলাফলৰ দিনা বিদ্যালয়সমূহ শিক্ষাৰ্থীৰ কোলাহলত মুখৰ হৈ পৰে । স্থান প্ৰাপ্তসকলক লৈ আনন্দৰ পৰিৱেশে বিৰাজ কৰে ।

কিন্তু এইবাৰ প্ৰথমবাৰৰ বাবে ফলাফলক লৈ তেনে কোনো পৰিৱেশ নাই । বিদ্যালয়সমূহৰ পৰিৱেশ নিমাওমাও, নাই শিক্ষাৰ্থী । সকলোৱে অনলাইনযোগে ঘৰতে থাকি লাভ কৰিলে ফলাফল ।

ক'ভিড পৰিস্থিতিৰ বাবে এইবাৰ ৰাজ্যৰ শৈক্ষিক ক্ষেত্রত নজিৰ বিহীন ঘটনা সংঘটিত হ'ল । পৰীক্ষা অবিহনে ঘোষিত হ'ল ফলাফল । যাক লৈ ৰাজ্যজুৰি মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বহু ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষা নিদিয়াকৈ ভাল নম্বৰ লাভ কৰিছে যদিও আত্মসন্তুষ্টি লাভ কৰা নাই ।

ক'ভিডকালীন পৰিস্থিতিৰ বাবে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰি বিকল্প মূল্যায়ন ব্যৱস্থাৰে ফলাফল ঘোষণা কৰে । অসমৰ শৈক্ষিক ইতিহাসত এয়া এক নজিৰ বিহীন ঘটনা । এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হৈছে ২,৪৯,৮১২ গৰাকী । ইয়াৰ ভিতৰত কলা শাখাত উত্তীৰ্ণৰ হাৰ ৯৮.৯৩ শতাংশ, বিজ্ঞান শাখাত ৯৯.০৬ শতাংশ আৰু বাণিজ্য শাখাত ৯৯.৫৭ শতাংশ ।

লগতে পঢ়ক: ঘোষণা হ’ল অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.