ETV Bharat / state

ডিমা হাছাওত নতুনকৈ চাৰি গৰাকী ক'ৰণাত আক্ৰান্ত

author img

By

Published : Apr 9, 2021, 6:23 PM IST

সমগ্ৰ দেশতে পুনৰ ক'ভিড-১৯ৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে । অসমতো ক্ৰমান্বয়ে পৰিস্থিতি বেয়াৰ ফালে গতি কৰিছে । পূৰ্বৰ তুলনাত বৃদ্ধি পাইছে দৈনিক আক্ৰান্তৰ সংখ্যা । শুকুৰবাৰৰ পৰা ডিমা হাছাও জিলাত আৰম্ভ হৈছে আকৌ ক'ভিড-১৯ পৰীক্ষা । ইয়াৰ লগতে সমান্তৰালকৈ ক'ভিড-১৯ টীকাকৰণো প্ৰক্ৰিয়াও অব্যাহত আছে ।

ডিমা হাছাওত নতুনকৈ চাৰি গৰাকী ক'ৰণাত আক্ৰান্ত
ডিমা হাছাওত নতুনকৈ চাৰি গৰাকী ক'ৰণাত আক্ৰান্ত

ডিমা হাছাও, ৯ এপ্ৰিল: দেশৰ লগতে ৰাজ্যত দিনে দিনে বৃদ্ধি পাইছে ক'ৰণাত আক্ৰান্ত লোকৰ সংখ্যা ৷ দ্ৰুত গতিত ক'ৰণাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে । ক'ৰণাৰ দ্বিতীয় ঢৌৱে ডিমা হাছাও জিলাতো সৃষ্টি কৰিছে আতংকৰ । জিলাখনত নতুন কৈ ক'ৰণাত আক্ৰান্ত হৈছে চাৰি গৰাকী ব্যক্তি । শুকুৰবাৰৰ পৰা ডিমা হাছাও জিলাত আৰম্ভ হৈছে আকৌ ক'ভিড-১৯ পৰীক্ষা । ইয়াৰ লগতে সমান্তৰালকৈ ক'ভিড-১৯ টীকাকৰণো প্ৰক্ৰিয়াও অব্যাহত আছে । জিলাখনৰ স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ যুটীয়া সঞ্চালিকা ডঃ দিপালি বৰ্মনে জানিবলৈ দিয়ে এই কথা ।

দেশত দ্ৰুতগতিত ক'ৰণাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে যদিও ডিমা হাছাও জিলাৰ সাধাৰণ ৰাইজ এতিয়াও ক'ৰণাৰ দ্বিতীয় ঢৌক লৈ সজাগ হোৱা নাই । হাফলঙত অধিকাংশ লোকে ব্যৱহাৰ কৰা নাই মাস্ক, মানি চলা নাই সামাজিক দূৰত্ব । এতিয়াই সজাগ ন'হলে সংক্ৰমণৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে । ফলস্বৰূপে শুকুৰবাৰৰ পৰা ক'ৰণা পৰীক্ষাৰ সংখ্যা বৃদ্ধি কৰা হৈছে । জিলাখনত প্ৰতিদিনে এক হাজাৰতকৈও অধিক লোকৰ ক'ৰণা পৰীক্ষা কৰাৰ লক্ষ্য বান্ধি লৈছে স্বাস্থ্য বিভাগে । ইয়াৰ বিপৰীতে ক'ৰণা টীকাকৰণো অধিক হাৰত প্ৰদান কৰা হৈছে বুলি জানিব লৈ দিয়ে ডঃ দিপালি বৰ্মনে ।

Location:ডিমা হাছাও

..................CHANGE THUMBNAIL.....................

লগতে পঢ়ক: কৰ'ণাত আক্ৰান্ত হৈ নগাঁৱত এজনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.