ডিমা হাছাও, 23 ডিচেম্বৰ : ক’ভিড মুক্ত হ'ল ডিমা হাছাও জিলা । ৰাজ্যৰ প্ৰথমখন জিলা ডিমা হাছাওত বৰ্তমানত এজনো ক’ভিড-19 ৰোগত আক্ৰান্ত ৰোগী নাই ।
বুধবাৰে হাফলং অসামৰিক চিকিৎসালয়ৰ পৰা ক’ভিড-19 ৰোগত আক্ৰান্ত 2 গৰাকী ৰোগী সুস্থ হৈ ঘৰলৈ যোৱাৰ অনুমতি পোৱাৰ পিচতে এতিয়া এজনো ক’ভিডত আক্রান্ত ৰোগী নাই ডিমা হাছাওত ৷
ক’ভিড-19 ৰোগত আক্ৰান্ত হৈ হাফলং অসামৰিক চিকিৎসালয়ত 945 গৰাকী ৰোগী ভৰ্তি আছিল আইছ’লেচনত ৷ ইয়াৰ মাজত 13 জন ৰোগীৰ মৃত্যু হৈছে ক’ভিড 19 ৰোগত আক্ৰান্ত হৈ আৰু বুধবাৰ দুই গৰাকী ক’ভিড ৰোগী সুস্থ হৈ চিকিৎসালয়ৰ পৰা ঘৰলৈ যোৱাৰ পিচতে এতিয়া এজনো ক’ভিডত আক্ৰান্ত ৰোগী নাই ডিমা হাছাওত ৷ এই কথা জনাইছে স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ যুটীয়া সঞ্চালক ডাঃ দিপালি বৰ্মনে ।
বৰ্তমানত হোম আইছলেচনতো কোনো ক’ভিড-19 আক্ৰান্ত ৰোগী নাই বুলি জনায় ডাঃ দিপালি বৰ্মনে । এতিয়ালৈকে নতুনকৈ ক’ভিড-19 ৰোগত আক্ৰান্ত হোৱা নাই কোনো লোক । তথাপিও এতিয়া যিহেতু ক’ভিডৰ দ্বিতীয় ঢৌ আহি আছে, ইয়াৰ বাবে সকলোকে চৰকাৰী নিয়ম-নীতি আৰু স্বাস্থ্যবিধি, সামাজিক দূৰত্ব আৰু মাস্ক পৰিধান কৰাৰ আহ্বান জনোৱাৰ লগতে সকলোকে সাৱধানতা অৱলম্বন কৰি চলাৰ বাবে আহ্বান জনায় স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ যুটীয়া সঞ্চালক দিপালি বৰ্মনে ।
লগতে পঢ়ক : দিব্যাংগসকলক হুইলচেয়াৰ আৰু শ্ৰৱণ যন্ত্ৰ বিতৰণ কৰিলে অসম ৰাইফলছে