ডিমা হাছাও,24 অক্টোবৰ : নিপকোৰ চাৰিগৰাকী কৰ্মচাৰীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাচত কৰ্মচাৰীকেইজনৰ পৰিয়ালত শোকৰ ছাঁ পৰিছে ৷ কৰ্মচাৰী কেইজনে পৰিধান কৰা কাপোৰৰ পৰা মৃতদেহ চিনাক্ত কৰে পৰিয়ালৰ লোকে ৷
মৃতদেহ উদ্ধাৰ হোৱাৰ পাচতে এনডিআৰএফ বাহিনীয়ে মৃতদেহকেইটা আৰক্ষীক গতাই দিয়ে ৷ ইয়াৰ পাচতে মৰণোত্তৰ পৰীক্ষা কৰি মৃতদেহকেইটা পৰিয়ালৰ হাতত গতাই দিয়া হয় ৷ উদ্ধাৰ হোৱা মৃতদেহকেইটা অভিযন্তা ৰবাৰ্ট বেইতে নামলাই (উমৰাংচো), জয়ছিং তিছো (কাৰ্বি আংলং),প্ৰেমপাল বাল্মিকী (উমৰাংছো) আৰু ৰাজু ৰেড্ডী বুলি চিনাক্ত কৰা হৈছে ৷
উল্লেখ্য যে, 7 অক্টোবৰত উমৰাংছোৰ কপিলী জলবিদ্যুৎ প্ৰকল্পৰ পাইপলাইন বিস্ফোৰণৰ ফলত সন্ধানহীন হৈছিল 4 গৰাকীকৈ নিপকোৰ কৰ্মচাৰী ৷