ETV Bharat / state

ডিমা হাছাওত কৰ'ণাত আক্ৰান্ত হৈ এগৰাকী মহিলাৰ মৃত্যু - ডিমা হাছাও

বৃহস্পতিবাৰে ডিমা হাছাওত পুনৰ এগৰাকী কৰ'ণা আক্ৰান্তৰ মৃত্যু । মৃত মহিলাগৰাকীৰ নাম বাবলি অগ্ৰহাৰি । হাফলং অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল মহিলাগৰাকী । এতিয়ালৈকে ডিমা হাছাওত ৮ গৰাকী কৰ'ণা ৰোগীয়ে প্ৰাণ হেৰুৱাইছে ।

Covid patient death in Dima Hasao
ডিমা হাছাওত কৰ'ণাত আক্ৰান্ত হৈ এগৰাকী মহিলাৰ মৃত্যু
author img

By

Published : May 28, 2021, 12:31 PM IST

ডিমা হাছাও, ২৮ মে': ৰাজ্যৰ আন আন জিলাৰ লগতে ডিমা হাছাও জিলাতো এজনৰ পিছত আনজন ক'ভিড-১৯ত আক্ৰান্ত ৰোগীয়ে প্ৰাণ হেৰুৱাইছে । বৃহস্পতিবাৰে হাফলং অসামৰিক চিকিৎসালয়ত প্ৰাণ হেৰুৱালে বাবলি অগ্ৰহাৰি নামৰ এগৰাকী মহিলাই । বৰ্তমানলৈকে জিলাখনত ৮ গৰাকী কৰ'ণা ৰোগীৰ মৃত্যু হৈছে ।

হাফলং অসামৰিক চিকিৎসালয়ত ৪ গৰাকী ৰোগীৰ মৃত্যু হোৱাৰ লগতে এখন ব্যক্তিগত চিকিৎসালয়ত এগৰাকী ৰোগীৰ মৃত্যু হয় । আনহাতে, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা সময়তে ৩ গৰাকী ৰোগীৰ মৃত্যু ঘটে । ইপিনে, ডিমা হাছাও জিলাত বুধবাৰৰ দিনটোত কৰ'ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা কিছু পৰিমাণে হ্ৰাস পাইছিল যদিও বৃহস্পতিবাৰে আক্ৰন্তৰ সংখ্যা পুনৰ বৃদ্ধি পায় ।

জিলাখনত বুধবাৰে ৩৫ গৰাকী লোক মহামাৰীৰ কবলত পৰে । বৃহস্পতিবাৰে ৯৭ গৰাকী লোকৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰে । এতিয়ালৈকে ডিমা হাছাও জিলাত ১২৫৩ গৰাকী লোক ক'ভিড-১৯ত আক্ৰান্ত হৈছে । বৰ্তমান জিলাখনত ৮৩১ গৰাকী সক্ৰিয় ৰোগী আছে । এতিয়ালৈকে ৩৮৯ গৰাকী লোক সুস্থ হৈ উঠিছে । বৰ্তমানত ৬৬ গৰাকী ৰোগী হাফলং অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ।

হোম আইছ'লেছনত আছে ৭৫০ গৰাকী ৰোগী । আনহাতে, ৮ গৰাকী ৰোগীক উন্নত চিকিৎসাৰ বাবে হাফলংৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে বুলি জিলা স্বাস্থ্য বিভাগে জানিবলৈ দিছে ।

লগতে পঢ়ক:নিজ ৰাজ্যলৈ উভতিল অসমত আশ্ৰয় লোৱা পশ্চিমবংগৰ লোকসকল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.