ডিমা হাছাও ২২ ফেব্ৰুৱাৰী: সমাগত বিধানসভা নিৰ্বাচন । ৰাজনৈতিক নেতা-মন্ত্ৰী নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত হোৱাৰ বিপৰীতে ৰাজ্যৰ ঠায়ে-ঠায়ে অব্যাহত প্ৰতিবাদ । অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ দাবীত অব্যাহত আছে প্ৰতিবাদ । ভাৰতীয় জাতীয় কংগ্ৰেছ কমিটিৰ উদ্যোগত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ডিমা হাছাওতো পেট্ৰল, ডিজেল, ৰন্ধন গেছৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ।
সোমবাৰে জিলাখনৰ হাফলঙত কংগ্ৰেছে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । চহৰখনৰ পেট্ৰল পাম্পত ডিমা হাছাও জিলা কংগ্ৰেছে বিক্ষোভ প্ৰদৰ্শন কৰে । জিলা কংগ্ৰেছৰ সভাপতি নিৰ্মল লাংথাচাৰ নেতৃত্বত জিলা কংগ্ৰেছৰ নেতা কৰ্মীসকলে বিভিন্ন শ্লোগানৰে উত্তাল কৰি তোলে সমগ্ৰ পৰিবেশ ।
ইপিনে ডিমা হাছাও জিলা কংগ্ৰেছৰ সভাপতি নিৰ্মল লাংথাচায় বিজেপি চৰকাৰৰ তীব্র সমালোচনা কৰে । পেট্ৰ'ল, ডিজেলৰ মূল্যবৃদ্ধিৰ ফলত এতিয়া অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ফলত সাধাৰণ মানুহৰ অৱস্থা অতি জুৰুলা হৈ পৰিছে । ২০১৪ চনত বিজেপি ক্ষমতা দখলৰ পিচতে ভাল দিন আহিব বুলি কৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এতিয়া ক'ত গ'ল সেই ভাল দিন এইদৰে মন্তব্য কৰে সভাপতিগৰাকীয়ে ।
লগতে তেওঁ কয় যে, বিজেপি চৰকাৰৰ দিনত পেট্ৰ'ল, ডিজেলৰ মূল্য কোনো কোনো ৰাজ্যত শতকৰ ওপৰত উঠিছে । হাফলং চহৰত পেট্ৰলৰ মূল্য প্ৰতি লিটাৰ ৯১ টকা আৰু ডিজেলৰ মূল্য ৮৫ টকা ৩৫ পইচা । উল্লেখ্য যে, ৰাজ্যিক কমিটিৰ নিৰ্দেশ মৰ্মে, দেওবাৰৰ পৰা তিনিদিনীয়াকৈ ৰাজ্যৰ বিভিন্ন জিলাৰ সদৰত থকা পেট্ৰল পাম্পসমূহত ভাৰতীয় জাতীয় কংগ্ৰেছ কমিটিৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়নৰ কাৰ্যসূচী গ্ৰহণ কৰে ।
লগতে পঢ়ক:নলবাৰীত জিলা কংগ্ৰেছৰ প্ৰতিবাদ