ETV Bharat / state

নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ-বিজেপি ত্যাগ কৰি হাফলঙত বহু নেতা-কৰ্মীৰ তৃণমূল কংগ্ৰেছত যোগদান - বিজেপিৰ বিৰুদ্ধে যুঁজ

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ 28 সমষ্টিৰ নিৰ্বাচনৰ বাবে ৰাজ্যৰ নিৰ্বাচন আয়োগে নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ পিচতে এতিয়া ডিমা হাছাও জিলাত বলিছে নিৰ্বাচনৰ বতাহ । অহা 8 জানুৱাৰী উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হ’ব । এই নিৰ্বাচনৰ পূৰ্বে এতিয়া ডিমা হাছাও জিলাত অব্যাহত আছে দল সলনিৰ ধাৰা (Trinamool Congress joining program)।

Trinamool Congress joining program
ডিমা হাছাও জিলাত বলিছে নিৰ্বাচনৰ বতাহ
author img

By ETV Bharat Assamese Team

Published : Dec 17, 2023, 7:05 AM IST

ডিমা হাছাও জিলাত বলিছে নিৰ্বাচনৰ বতাহ

হাফলং, 17 ডিচেম্বৰ : ৰাজ্যত বলিব ধৰিছে নিৰ্বাচনী বতাহ ৷ ইয়াৰ মাজতে শনিবাৰে হাফলঙত কংগ্ৰেছ আৰু বিজেপি দল ত্যাগ কৰি 50 ৰো অধিক নেতা-কৰ্মীয়ে তৃণমূল কংগ্ৰেছত যোগদান কৰে । তথ্য অনুসৰি, হাফলং তৃণমূল জিলা কংগ্ৰেছৰ সভাপতি আচিং জেমি, সাধাৰণ সম্পাদক চেথমিনথাং খংচাই আৰু তৃণমূল নেতা কৰ্মীৰ উপস্থিতিত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন কাৰ্যনিৰ্বাহ সদস্য তথা জিলা বিজেপিৰ কাৰ্যনিৰ্বাহ সদস্য নামচেই হেংনা আৰু ডিমা হাছাও জিলা কংগ্ৰেছৰ কাৰ্যনিৰ্বাহ সদস্য লালনেইছিয়েম হেংনাৰ লগতে মাহুৰ মণ্ডল কংগ্ৰেছৰ সভাপতি সম্পাদকসহ মাহুৰ মণ্ডল কংগ্ৰেছৰ বহু সদস্যই তৃণমূল কংগ্ৰেছ দলত যোগদান কৰে ৷

এই যোগদান কাৰ্যসূচীত সন্দৰ্ভত তৃণমূল কংগ্ৰেছৰ সভাপতি আচিং জেমিয়ে সাংবাদিকৰ আগত কেতবোৰ মন্তব্য কৰে ৷ তেওঁ কয়, ‘‘আজি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন কাৰ্যনিৰ্বাহ সদস্য নামচেই হেংনা আৰু মাহুৰ মণ্ডল কংগ্ৰেছৰ 50 ৰ অধিক নেতা কৰ্মীয়ে তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ পিচতে দল আৰু শক্তিশালী হৈছে’’ ।

তেওঁ আৰু কয়, ‘‘এইবাৰ তৃণমূল কংগ্ৰেছে ডিমা হাছাও জিলাত বিজেপিৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে প্ৰস্তুত হৈছে । তৃণমূল কংগ্ৰেছে এইবাৰ নিৰ্বাচনত বিজেপি দলৰ টোপনি হৰণ কৰিব’’ । ‘‘বিজেপি দলে পৰিষদৰ 28 টা সমষ্টিতে জয় হ’ব বুলি যি দাবী কৰি আহিছে ৷ কিন্তু সেয়া ইমানো সহজ নহয়’’ - তেওঁ কয় ৷

আচিং জেমিয়ে কয়, ‘‘বিজেপিয়ে পৰিষদৰ 14 টা সমষ্টিতে জয় লাভ কৰা কঠিন হ’ব ৷ কিয়নো বিজেপিৰ প্ৰতিটো সমষ্টিতে একাধিক প্ৰতিদ্বন্দী আছে ৷ যাৰ বাবে এতিয়া বিজেপি দলত আৰম্ভ হৈছে দলীয় ভিতৰুৱা সংঘাত ৷ অৱশ্যে বিজেপি দলত দলীয় ভিতৰুৱা সংঘাত আৰম্ভ হোৱাৰ ফলত লাভাম্বিত হৈছে তৃণমূল কংগ্ৰেছ ৷ সেয়ে নিৰ্বাচনত তৃণমূল কংগ্ৰেছ লাভাম্বিত হ’ব’’ ৷

তেওঁ আৰু কয়, ‘‘উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ 15 পৰা 20 টা সমষ্টিত তৃণমূল কংগ্ৰেছে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব । অহা 19 ডিচেম্বৰ তৃণমূল কংগ্ৰেছে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব আৰু 20 ডিচেম্বৰ সকলো প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ জমা দিব । হাফলং সমষ্টিৰ পৰা তৃণমূল কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দিতা কৰিব জিলা সভাপতি আচিং জেমিয়ে ।

লগতে পঢ়ক : নিৰ্বাচনৰ নামত ৰাজকোষৰ পৰা কিমান ধন ব্যয় হয়, সেই ধন কাৰ ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.