ETV Bharat / state

Busudima festival celebrated: ডিমা হাছাওত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হয় বুচুডিমা

author img

By

Published : Feb 1, 2023, 7:51 PM IST

২৭ জানুৱাৰীৰ পৰা অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওৰ সদৰ চহৰ হাফলঙত উদযাপন কৰা হৈছে ডিমাছা জনগোষ্ঠীৰ সৰ্ববৃহৎ কৃষি ভিত্তিক উৎসৱ বুচুডিমা । সপ্তাহজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হৈছে এই উৎসৱটি(Busudima festival celebrated in Dima Hasao ) । হাফলং জিলা ক্ৰীড়া সংস্থা খেলপথাৰত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত কৰা হৈছে বুচুডিমা উৎসৱ ।

Busudima festival celebrated in Dima Hasao
ডিমা হাছাওত কেন্দ্ৰীয়ভাৱে উদযাপন বুচুডিমা

হাফলং,১ ফ্ৰেব্ৰুৱাৰী: ডিমাছা জনগোষ্ঠীয়ে উদযাপন কৰিছে সৰ্ববৃহৎ উৎসৱ বুচুডিমা(Busudima festival celebrated in Dima Hasao) । অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওৰ সদৰ চহৰ হাফলঙত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হৈছে বুচুডিমা । মঙলবাৰ হাফলং জিলা ক্ৰীড়া সংস্থা খেলপথাৰত অনুষ্ঠিত হয় ডিমাছা জনগোষ্ঠীৰ বৃহৎ উৎসৱ বুচুডিমা(Busudima festival celebrated by Dimasa people) । ২৭ জানুৱাৰীৰ পৰা আৰম্ভ হৈছে এই উৎসৱ ।

সপ্তাহজোৰা উৎসৱত আয়োজন কৰা হৈছে বিভিন্ন প্ৰতিযোগিতা । ডিমাছা জনগোষ্ঠীৰ পৰম্পৰাগত বাইডিমা নৃত্য লগতে বিভিন্ন সুস্বাদু খাদ্যসামগ্ৰী তৈয়াৰ কৰাৰ লগতে ডিমাছা জনগোষ্ঠীৰ পৰম্পৰাগত পানীয় জুডিমা পৰিৱেশন কৰা হয় বুচুডিমা উৎসৱত অহা লোক সকলৰ মাজত । ডিমা হাছাও জিলাৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা ডিমাছা জনগোষ্ঠীৰ লোক সকলেও অংশগ্ৰহণ কৰিছে এই সপ্তাহজোৰা কাৰ্যসূচীত(Busudima festival celebrated) ।

লগতে পঢ়ক: Assam Sahitya Sabha : নাৰায়ণপুৰ অধিবেশনৰ দ্বিতীয় দিন, উদুলি-মুদুলি মণিকাঞ্চন ক্ষেত্ৰ

কেন্দ্ৰীয় বুচুডিমা উৎসৱ উপলক্ষে মঙলবাৰৰ দিনটোত বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হয় । ইয়াৰ মাজতে আছিল ডিমাছা জনগোষ্ঠীৰ বাইডিমা নৃত্য আৰু খাৰাম বাঁহী আৰু মুৰী মানে ঢোল বাদন প্ৰতিযোগিতা । ইয়াৰ উপৰি আয়োজন কৰা হয় ডিমাছা জনগোষ্ঠীৰ পৰম্পৰাগত খেলৰ প্ৰতিযোগিতা । কেন্দ্ৰীয়ভাৱে আয়োজিত বুচুডিমা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ ৰানু লাংথাচা ।

লগতে উপস্থিত থাকে পাৰ্বত্য পৰিষদৰ মুখ্য কাৰ্যনিৰ্বাহ সদস্যসকল । উল্লেখযোগ্য বুচুডিমা হৈছে ডিমাছা জনগোষ্ঠীৰ কৃষি ভিত্তিক সৰ্ববৃহৎ উৎসৱ । প্ৰতি বছৰেই ২৭ জানুৱাৰীৰ পৰা সমগ্ৰ ডিমা হাছাও জিলাৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা ডিমাছা জনগোষ্ঠীৰ লোক সকলে এই উৎসৱ উদযাপন কৰে আৰু এক সপ্তাহজুৰি চলে বুচুডিমা উৎসৱ । গোটেই বছৰটো খেতি কৰাৰ পিচতে ফচল ঘৰত তুলি ৰখাৰ পিচতে ডিমা জনগোষ্ঠীৰ লোক সকলে প্ৰতিবছৰ ২৭ জানুৱাৰীৰ দিনটোত বুচুডিমা উৎসৱ উদযাপন কৰে । ইয়াৰ পিচতে কেন্দ্ৰীয়ভাবে উদযাপন কৰা হয় বুচুডিমা উৎসৱ ।

লগতে পঢ়ক: Illegal weapons seized in Nagaon: গো মাফিয়াৰ ঘৰৰ পৰা জব্দ অবৈধ মাৰণাস্ত্ৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.