ডিমা হাছাও , ২৭ জানুৱাৰী : ৰাজ্যৰ বিভিন্ন প্ৰান্তত ডিমাচা জনগোষ্ঠীৰ কৃষি ভিত্তিক উৎসৱ বুছুডিমা উদযাপন কৰা হয় । ডিমা হাছাও জিলাটো বুধবাৰে উলহে মালহেৰে উদযাপন কৰা হয় বুছুডিমা উৎসৱ ।

উল্লেখ যে প্ৰতি বছৰ ২৭ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা এই উৎসৱ ৭ দিন ধৰি উদযাপন কৰা হয় । হাফলঙৰ বিভিন্ন প্ৰান্ততো ভিন্ন কাৰ্যসূচীৰে পালন কৰা হয় এই উৎসৱ । উৎসৱৰ লগত সংগতি ৰাখি ভিন্ন প্ৰকাৰৰ খেলৰ প্ৰতিযোগিতা আৰু সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰা হয় । ইয়াৰ উপৰি ডিমাচা জনগোষ্ঠীৰ যুৱক যুৱতীসকলে পৰম্পৰাগত সাঁজপাৰ পৰিধান কৰি ডিমাচা লোক নৃত্যৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে ।
লগতে পঢ়ক : দেশৰ পেট্ৰলজাত সামগ্ৰীৰ মূল্য বৃদ্ধি অব্যাহত