ETV Bharat / state

পশ্চিমবংগৰ ঘটনা: হাফলঙত বিজেপিৰ প্ৰতিবাদী কাৰ্যসূচী - জিলা কমিটীৰ ভাৰপ্ৰাপ্ত সভাপতি

পশ্চিমবংগৰ বিজেপি কৰ্মীৰ হত্যাকাণ্ডক লৈ তোলপাৰ সমগ্ৰ দেশ । অসমতো বিজেপিৰ কৰ্মকৰ্তাই ভিন্ন স্থানত ৰূপায়ণ কৰিছে প্ৰতিবাদী কাৰ্যসূচী । বুধবাৰে ডিমা হাছাওত বিজেপিৰ জিলা কমিটীৰ নেতা-কৰ্মীসকলে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ।

BJP protest against West Bengal violence
হাফলঙত বিজেপিৰ প্ৰতিবাদী কাৰ্যসূচী
author img

By

Published : May 6, 2021, 10:25 AM IST

ডিমা হাছাও, ৬ মে': যোৱা ২ মে' বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিছতে পশ্চিমবংগত আক্ৰমণৰ বলি হৈছে ইজনৰ পিছত আনজন বিজেপিৰ কৰ্মী । উদণ্ড লোকৰ হাতত বহু বিজেপি কৰ্মকৰ্তাই প্ৰাণ হেৰুৱাবলগীয়া হৈছে । বৰ্তমান এই ঘটনাৰ বাবে তৃণমূল কংগ্ৰেছক দোষাৰোপ কৰি দেশৰ ভিন্ন প্ৰান্তত প্ৰতিবাদত নামিছে বিজেপিৰ নেতা-কৰ্মী । বুধবাৰে ডিমা হাছাওত বিজেপিৰ জিলা কমিটীৰ নেতা-কৰ্মীসকলে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে আৰু উপায়ুক্তক এখন স্মাৰকপত্ৰ প্ৰদান কৰে ।

BJP protest against West Bengal violence
হাফলঙত বিজেপিৰ প্ৰতিবাদী কাৰ্যসূচী

বিজেপিৰ ডিমা হাছাও জিলা কমিটীৰ ভাৰপ্ৰাপ্ত সভাপতি ঈশ্বৰী প্ৰসাদ যৈশী আৰু সাধাৰণ সম্পাদক স্বাক্ষৰিত স্মাৰকপত্ৰত উল্লেখ কৰা মতে, যোৱা ২ মে'ত পশ্চিমবংগত নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছৰে পৰা ৰাজ্যখনত বিজেপিৰ কৰ্মী-সমৰ্থকৰ ওপৰত আক্ৰমণৰ ঘটনা সংগঠিত হৈছে । যোৱা ৪৮ ঘণ্টাত পশ্চিমবংগত বিজেপিৰ বহু নেতা, কৰ্মী, সমৰ্থকক হত্যা কৰা হৈছে ।

লগতে মহিলা কৰ্মীৰো শ্লীলতা হানিৰ ঘটনা সংঘটিত হৈছে । স্মাৰকপত্ৰখনৰ জৰিয়তে বিজেপিয়ে অভিযোগ উত্থাপন কৰিছে যে, সকলো ঘটনাৰ বিষয়ে অগত হোৱাৰ পিছতো পশ্চিমবংগৰ আৰক্ষীয়ে কোনো যথোচিত ব্যৱস্থা গ্ৰহণ কৰা নাই । পশ্চিমবংগৰ বিভিন্ন স্থানত আৰক্ষীয়ে গোচৰ ৰুজু কৰিবলৈও অমান্তি হৈছে বুলি অভিযোগ তুলিছে বিজেপিৰ কৰ্মীসকলে ।

লগতে আৰক্ষীয়ে তৃণমূল কংগ্ৰেছৰ নেতাৰ হৈ কাম কৰি এক আতংকৰ পৰিৱেশ সৃষ্টি কৰিছে বুলিও গুৰুতৰ অভিযোগ তুলিছে । আৰক্ষীৰ নিৰৱ ভূমিকাৰ বাবে বিজেপিৰ বহু কৰ্মী-সমৰ্থকে নিজৰ ঘৰ এৰি পলায়ন কৰিব লগা হৈছে বুলিও তেওঁলোকে উল্লেখ কৰিছে স্মাৰকপত্ৰখনত । এই হিংসাত্মক ঘটনাৰে তৃণমূল কংগ্ৰেছৰ নেতা জড়িত হৈ আছে বুলি অভিযোগ তুলি তেওঁলোকৰ বিৰুদ্ধে শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে জিলা উপায়ুক্তৰ জৰিয়তে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ ওচৰত আহ্বান জনায় বিজেপিৰ ডিমা হাছাও জিলা কমিটীয়ে ।

লগতে পঢ়ক:হোজাইতো নতুন চৰকাৰী নিৰ্দেশনা পালন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.