ডিমা হাছাও, ৩ মে': ইতিহাস ৰচি ১৬ নম্বৰ হাফলং উপজাতি সংৰক্ষিত সমষ্টিত জয়ী হ'ল বিজেপি প্ৰাৰ্থী নন্দিতা গাৰ্লচা । পোন প্ৰথমবাৰৰ বাবে ১৬ নম্বৰ হাফলং উপজাতি সংৰক্ষিত সমষ্টিত কোনো মহিলা প্ৰাৰ্থীৰ বিজয় । গাৰ্লচাৰ পূৰ্বে কোনো মহিলা প্ৰাৰ্থীয়ে সমষ্টিটোৰ পৰা বিধানসভাৰ মজিয়াত নিৰ্বাচিত হোৱা নাছিল । নন্দিতা গাৰ্লচাই হৈছে উক্ত সমষ্টিৰ প্ৰথমগৰাকী মহিলা বিজয়ী প্ৰাৰ্থী ।
হাফলং সমষ্টিত বিজেপি প্ৰাৰ্থী নন্দিতা গাৰ্লচাই ডিমা হাছাও জিলা কংগ্ৰেছৰ সভাপতি তথা কংগ্ৰেছ নেতা নিৰ্মল লাংথাচাক ১৮,৪৩৩ ভোটৰ ব্যৱধানত পৰাজিত কৰে । বিজেপি প্ৰাৰ্থী নন্দিতা গাৰ্লচাই ৬৭,৪১০ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী নিৰ্মল লাংথাচাই লাভ কৰে ৪৮,৯৭৭ টা ভোট ।
হাফলং সমষ্টিত জয়ী হোৱাৰ পিছতে নন্দিতা গাৰ্লচাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসক ধন্যবাদ জনায় ।দেওবাৰে হাফলং জিলা উপায়ুক্ত কাৰ্যালয়ৰ তিনিটা কক্ষত ৭ খনকৈ টেবুলৰ মুঠ ২১ খন টেবুলত ভোট গণনা কৰা হয় । পোষ্টেল বেলটৰ গণনা পৰ্বতে বিজেপি প্ৰাৰ্থী নন্দিতা গাৰ্লচাই কংগ্ৰেছ প্ৰাৰ্থী পিছ পেলাই অগ্ৰগতি লাভ কৰিছিল । ইপিনে, প্ৰথম ৰাউণ্ডৰ পৰাই কংগ্ৰেছ প্ৰাৰ্থী নিৰ্মল লাংথাচা দশম ৰাউণ্ডলৈকে পিছ পৰি আছিল ।
লগতে পঢ়ক: দ্বিতীয়বাৰৰ বাবে বিজয়ৰ ধ্বজ্জা উৰুৱালে ডাঃ নোমল মমিনে