ETV Bharat / state

ডিমা হাছাওত ৰাজা গোবিন্দ চন্দ্ৰ আচাৰ্য গুৰুকুলাম ভৱন নিৰ্মাণৰ ভূমিপূজন

author img

By

Published : Feb 14, 2022, 9:44 PM IST

ডিমা হাছাও জিলাৰ দিয়ুংমুখত অনুষ্ঠিত ৰাজা গোবিন্দ চন্দ্ৰ আচাৰ্য গুৰুকুলাম ভৱন নিৰ্মাণৰ ভূমিপূজন(Bhoomi pujan of Raja Govind Chandra Gurukulam Bhavan ) ৷

BHOOMI PUJAN OF RAJA GOVIND CHANDRA GURUKULAM BHAVAN AT DIMA HASAO
ডিমা হাছাওত ৰাজা গোবিন্দ চন্দ্ৰ আচাৰ্য গুৰুকুলাম ভৱন নিৰ্মাণৰ ভূমিপূজন

ডিমা হাছাও, 14 ফেব্ৰুৱাৰী : অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাও জিলাৰ দিয়ুংমুখত অনুষ্ঠিত হয় ৰাজা গোবিন্দ চন্দ্ৰ আচাৰ্য গুৰুকুলাম বিদ্যালয়ৰ ভৱন নিৰ্মাণৰ ভূমিপূজন (Raja Govind Chandra Gurukulam Bhavan school) ।

হাফলঙৰ পৰা 120 কিলোমিটাৰ দূৰত অৱস্থিত ৰাজা গোবিন্দ চন্দ্ৰ গুৰুকুলাম বিদ্যালয়ৰ প্ৰতিষ্ঠাতা হৈছে একালৰ ডি এইচ ডিৰ অধ্যক্ষ হৈছে দিলীপ নুনিচা ।

উল্লেখ্য যে, দেওবাৰে ভাতৃশ্ৰী কাঁচিবা হৰিভাই চেৰেটেবল ট্ৰাষ্ট সুৰতৰ 208 ভৱন নিৰ্মাণ মহা অভিযানৰ অধীনত ৰাজা গোবিন্দ চন্দ্ৰ আচাৰ্য গুৰুকুলাম বিদ্যালয়ৰ ভৱন নিৰ্মাণৰ বাবে ভূমিপূজন আৰু ভৱন নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হয় (Lays the foundation stone of Govind Chandra Gurukulam)।

এই ভূমি পূজন অনুষ্ঠানত উপস্থিত থাকে ভাতৃশ্ৰী কাঁচিবা হৰিভাই চেৰেটেবল ট্ৰাষ্টৰ জয়ৰাম পুৰুষোত্তম ৰাজা গোবিন্দ চন্দ্ৰ আচাৰ্য, গুৰুকুলাম বিদ্যালয়ৰ প্ৰতিষ্ঠাপক দিলীপ নুনিচা, গুৰুকুলাম বিদ্যালয়ৰ আচাৰ্য তথা সঞ্চালক মহেন্দ্ৰ কুমাৰৰ লগতে গুৰুকুলাম বিদ্যালয়ৰ শিক্ষক শিক্ষয়ত্ৰী তথা ছাত্ৰ ছাত্ৰী সকল।

জানিব পৰা মতে, এই ভৱন নিৰ্মাণৰ বাবে বিত্তীয় অনুদান প্ৰদান কৰে সদানন্দ বাইটেক ধীৰাজ লাল কৰোটিয়াই(Bhoomi pujan of Raja Govind Chandra Gurukulam Bhavan) । ৰাজা গোবিন্দ চন্দ্ৰ আচাৰ্য গুৰুকুলাম বিদ্যালয় ভৱন নিৰ্মাণ হ'লে ভৱিষ্যতে দিয়ুংমুখ এলেকাৰ গাঁওসমূহৰ শিশু আৰু গ্ৰাম্যত থকা লোকসকল উপকৃত হ'ব বুলি আচাৰ্য মহেন্দ্ৰ কুমাৰে মন্তব্য কৰে ।

ইফালে ৰাজা গোবিন্দ চন্দ্ৰ আচাৰ্য গুৰুকুলাম বিদ্যালয়খন স্থাপন হোৱাৰ পিচতে দিয়ুংমুখ এলেকাৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে উপযুক্ত শিক্ষাৰ পৰিবেশৰ সৃষ্টি হ'ব বুলি ৰাজা গোবিন্দ চন্দ্ৰ আচাৰ্য গুৰুকুলামৰ(Raja Govind Chandra Gurukulam) সদস্যসকলে মত প্ৰকাশ কৰে ।

লগতে পঢ়ক : মুখ্যমন্ত্ৰীৰ দূত হৈ পাহাৰীয়া জিলাত মন্ত্ৰী পৰিমল শুক্লবৈদ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.