ডিমা হাছাও,16 ফেব্ৰুবাৰী: প্ৰতি বছৰে পথ দুৰ্ঘটনাত ভাৰতবৰ্ষত প্ৰায় ডেৰ লাখ মানুহৰ মৃত্যু ঘটে । তাৰ ভিতৰত 18-45 বছৰলৈ প্ৰায় 70 শতাংশ যুৱকৰ মৃত্যু ঘটে ৷ উল্লেখযোগ্য যে, ভাৰতত সচেতনতাৰ অভাৱতে মৃত্যু হয় শতাধিক লোকৰ ৷ সম্প্ৰতি চলি থকা পথ সুৰক্ষা মাহ উপলক্ষে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰালয়ে দুৰ্ঘটনা ৰোধৰ উদ্দেশ্যে গ্ৰহণ কৰিছে বিভিন্ন প্ৰকাৰৰ কাৰ্যসূচী ৷ সমগ্ৰ দেশ জুৰি 18 জানুৱাৰীৰ পৰা 17 ফেব্ৰুৱাৰীলৈকে মাহজোৰা কাৰ্যসূচী গ্ৰহণ কৰিছে মন্ত্ৰালয়ে ৷
32 সংখ্যক পথ সুৰক্ষা মাহ উপলক্ষে এই কাৰ্যসূচীৰ অংশ হিচাপে ডিমা হাছাওত চৰকাৰীভাৱে দুৰ্ঘটনা ৰোধৰ বাবে গ্ৰহণ কৰা হৈছে বিভিন্ন সচেতনতামূলক কাৰ্যসূচী ৷ হাফলং চহৰত আৰক্ষী আৰু মিনাৰেট ক্লাৱৰ উদ্যোগত হেলমেটবিহীন মটৰ চাইকেল আৰোহীসকলৰ লগতে গাড়ীচালক সকলক চিটবেল্ট পৰিধান কৰি বাহন চলোৱাৰ ক্ষেত্ৰত উৎসাহ যোগাবলৈ গোলাপ ফুল বিতৰণ কৰা হয় । আৰক্ষী বিষয়া পি কে শৰ্মাই পৰৱৰ্তী সময়ত কোনো চালকে হেলমেট নিপিন্ধি মচৰ চাইকেল চলালে জৰিমনা বিহাৰ কথা প্ৰকাশ কৰে ৷
লগতে পঢ়কঃ গুৱাহাটীত সৰস্বতী পূজাৰ ব্যাপক প্ৰস্তুতি