ETV Bharat / state

3 গৰাকী ছাত্ৰ-ছাত্ৰীৰে উজ্বলিল ডিমা হাছাও - hslc result

ডিমা হাছাওত মুঠ উত্তীৰ্ণৰ হাৰ 57.70%

3 গৰাকী ছাত্ৰ-ছাত্ৰীৰে উজ্বলিল ডিমা হাছাও
author img

By

Published : May 15, 2019, 7:31 PM IST

ডিমা হাছাও,15 মেঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিভিন্ন বিষয়ত সৰ্বোচ্চ নম্বৰেৰে 4 ছাত্ৰ-ছাত্ৰীয়ে উজ্বলালে ডিমা হাছাও ৷ হাফলং চেণ্ট এগনেছ কোনভেণ্ট হায়াৰ চেকণ্ডাৰী স্কুলৰ ছাত্ৰী মিদিস্মিতা হালৈয়ে 94% নম্বৰ পায় জিলাখনত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হয়। গণিত, সামাজিক বিজ্ঞান বিষয়ত সৰ্বোচ্চ 100 নম্বৰেৰে উত্তীৰ্ণ হয় ছাত্ৰীগৰাকী ৷

3 গৰাকী ছাত্ৰ-ছাত্ৰীৰে উজ্বলিল ডিমা হাছাও

হাফলং ডনবস্ক' হায়াৰ চেকেণ্ডাৰী স্কুলৰ ছাত্ৰ বিনচেণ্ট চৰাই 92 % নম্বৰ লৈ জিলাখনত দ্বিতীয় স্থানত পায় ৷ লগতে হাফলং চেণ্ট এগনেছ হায়াৰ চেকণ্ডাৰী স্কুলৰ ছাত্ৰী নিলাঞ্জনা দত্তই গণিত আৰু উচ্চ গণিতত সৰ্বোচ্চ 100 নম্বৰেৰে জিলাখনৰ ভিতৰত 91 শতাংশৰে জিলাখনত তৃতীয় স্থান লাভ কৰে৷ জিলাখনত মুঠ উত্তীৰ্ণৰ হাৰ 57.70%

Intro:ডিমা হাছাও 15 মে: হাই স্কুল শিক্ষান্ত পৰীক্ষাত ডিমা হাছাও জিলাৰ কোন ছাত্ৰ ছাত্ৰী মেধা তালিকাত স্থান না পালে ও হাফলং চেণ্ট এগনেছ কোনভেণ্ট হায়াৰ চেকণ্ডাৰী স্কুলৰ ছাত্ৰী মিদিস্মিতা হালৈ 94% পাই পাহাৰীয়া জিলা খনত প্ৰথম স্থান দখল কৰিব লৈ সক্ষম হয়। মিদিস্মিতা হালৈ গণিত সামাজিক বিজ্ঞান বিষয়ত সৰ্বোচ্চ 100 নম্বৰলৈ উত্তীৰ্ণ হয়। আনহাতে হাফলং ডনবছকো হায়াৰ চেকণ্ডাৰী স্কুলৰ ছাত্ৰ বিনচেণ্ট চৰাই 92% নম্বৰ লৈ দ্বিতীয় স্থানত থাকে। ইয়াৰ উপৰি হাফলং চেণ্ট এগনেছ হায়াৰ চেকণ্ডাৰী স্কুলৰ ছাত্ৰী নিলাঞ্জনা দত্ত 91% নম্বৰলৈ গণিত আৰু এডভান্স মেটছত সৰ্বোচ্চ 100 নম্বৰলৈ তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ উপৰি হাফলং ডনবছকো স্কুলৰ হাৰচিদ নাইডিং গণিত বিষয়ত সৰ্বোচ্চ 100 নম্বৰলৈ প্ৰথম বিভাগত উত্তীৰ্ণ হয়।Body:ডিমা হাছাও জিলাত এবেলি চৰকাৰী বিদ্যালয় সমূহৰ পৰা বেচৰকাৰী বিদ্যালয় সমূহে ভাল ফলাফল কৰিবলৈ সক্ষম হৈছে। হাই স্কুল শিক্ষান্ত পৰীক্ষাত ডিমা হাছাও জিলাত উত্তীৰ্ণৰ হাৰ 57.70%।Conclusion:উল্লেখযোগ্য যে দক্ষিণ অসমৰ তিনিটা জিলা কাছাৰ কৰিমগঞ্জ হাইলাকান্দিক পিছত পেলাই পাহাৰীয়া ডিমা হাছাও জিলাৰ ছাত্ৰ ছাত্ৰীয়ে ভাল ফলাফল কৰিবলৈ সক্ষম হৈছে। হাই স্কুল শিক্ষান্ত পৰীক্ষাত পাহাৰীয়া জিলাখনৰ 2691 গৰাকী ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিল তাৰ মাজত 1555 গৰাকী ছাত্ৰ ছাত্ৰী পৰীক্ষাত উত্তীৰ্ণ হৈছে। ইয়াৰ মাজত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে 394 গৰাকী ছাত্ৰ ছাত্ৰী দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে 674 আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে 487 গৰাকী ছাত্ৰ ছাত্ৰী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.