ETV Bharat / state

Crime against Woman:বনকৰা কিশোৰীৰ অত্যাচাৰ চলোৱা সেনাবাহিনীৰ মেজৰক পত্নীসহ গ্ৰেপ্তাৰ

author img

By ETV Bharat Assamese Team

Published : Sep 27, 2023, 9:07 PM IST

বনকৰা কিশোৰীৰ ওপৰত পাশবিক অত্যাচাৰ চলোৱা সেনাবাহিনীৰ মেজৰ আৰু তেওঁৰ পত্নীক গ্ৰেপ্তাৰ । ২৪ এপ্ৰিলত সামাজিক যোগাযোগ মাধ্যমত ভাইৰাল হোৱা এটি ভিডিঅ' প্ৰত্য়ক্ষ কৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দম্পতীক ।

Press Meet of SP Mayank Kumar
আৰক্ষী অধীক্ষক ময়ঙ্ক কুমাৰ

আৰক্ষী অধীক্ষক ময়ঙ্ক কুমাৰ

হাফলং,২৭ ছেপ্টেম্বৰ: বনকৰা কিশোৰীক পাশবিক অত্যাচাৰ চলোৱা সেনাবাহিনীৰ মেজৰ শৈলন্দ্ৰ কুমাৰ যাদৱ আৰু তেওঁৰ পত্নী Posco আইনত গ্ৰেপ্তাৰ কৰা হৈছে । আজি হাফলঙত আৰক্ষী অধীক্ষক ময়ঙ্ক কুমাৰে এখন সংবাদমেল সম্বোধন কৰি কয় যে হিমাচল প্ৰদেশলৈ নি বনকৰা কিশোৰীৰ ওপৰত পাশবিক অত্যাচাৰ চলোৱা সেনাবাহিনীৰ মেজৰ আৰু তেওঁৰ পত্নীক গ্ৰেপ্তাৰ কৰা হৈছে ।

এই সংবাদমেলত আৰক্ষী অধীক্ষক ময়ঙ্ক কুমাৰে কয় যে যোৱা ২৪ এপ্ৰিলত সামাজিক যোগাযোগ মাধ্যমত ভাইৰাল হোৱা এটি ভিডিঅ' প্ৰত্য়ক্ষ কৰি আৰক্ষীয়ে অনুসন্ধান চলাই এগৰাকী ১৭ বছৰীয়া কিশোৰীক ঘৰৰ কাম কাজৰ বাবে হিমাচল প্ৰদেশৰ পলুমপুৰলৈ নি সেনাবাহিনীৰ এগৰাকী মেজৰ আৰু তেওঁৰ পত্নীয়ে শাৰীৰিক নিৰ্যাতন চলোৱাৰ তথ্য লাভ কৰি ২৫ ছেপ্টেম্বৰ সেনাবাহিনীৰ মেজৰ আৰু তেওঁৰ পত্নীক গ্ৰেপ্তাৰ কৰে বুলি কয় আৰক্ষী অধীক্ষক ময়ঙ্ক কুমাৰে ।

আৰক্ষী অধীক্ষগৰাকীয়ে কয় ঘৰৰ কামৰ বাবে সেনাবাহিনীৰ মেজৰ আৰু তেওঁৰ পত্নী হাফলঙৰ পৰা এগৰাকী কিশোৰীক হিমাচল প্ৰদেশৰ পালমপুৰত লৈ যায় । ইয়াৰ পিচতে এই কিশোৰীগৰাকীৰ ওপৰত তেওঁলোকে আৰম্ভ কৰে অত্যাচাৰ । দীৰ্ঘদিন ধৰি এই দম্পতীয়ে নিৰ্যাতন চলায় । ইমানেই নহয় এই কিশোৰী গৰাকীৰ জিভা কটাৰ চেষ্টা কৰা হৈছে বুলি উল্লেখ কৰি আৰক্ষী অধীক্ষ গৰাকীয়ে কয় যে তেওঁৰ সমগ্ৰ শৰীৰত আঘাতৰ চিহ্ন পোৱা গৈছে । তেওঁৰ শৰীৰত গৰম গাখীৰ ঢালি দিয়া হৈছে । গৰম প্ৰেচাৰ কুকাৰ লগোৱা হয় । কিশোৰীগৰাকীক বিবস্ত্ৰ কৰি ফটো লোৱাৰ তথ্য প্ৰমাণ ইতিমধ্যে পাইছে আৰক্ষীয়ে । যাৰ বাবে Posco আইনৰ অধীনত সেনাবাহিনীৰ মেজৰ আৰু তেওঁৰ পত্নীক গ্ৰেপ্তাৰ কৰা হয় ।

ইতিমধ্যে আৰক্ষীয়ে হাফলং থানাত ভাৰতীয় দণ্ডবিধিৰ অধীনত 74/2023 326/374/354/506/370/34 নম্বৰত গোচৰ ৰুজু কৰি এই দম্পতীক আদালতত হাজিৰ কৰোৱাত আদালতে ন্যায়িক জিম্মাত প্ৰেৰণ কৰে । ইতিমধ্যে সেনাবাহিনীৰ মেজৰ আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে বহু তথ্য প্ৰমাণ পোৱা গৈছে বুলি সদৰী কৰি আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে সেনাক এই সন্দৰ্ভত সকলো জনোৱা হৈছে । ইপিনে, কিশোৰীগৰাকীক চিকিৎসাৰ বাবে হাফলং অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । ইতিমধ্যে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা এই কিশোৰীৰ পৰিয়ালক এককালীন ৫০ হাজাৰ টকাৰ সাহায্য আগবঢ়োৱা হৈছে বুলি কয় আৰক্ষী অধীক্ষক ময়ঙ্ক কুমাৰে ।

উল্লেখযোগ্য যে ভাৰতীয় সেনা বাহিনীৰ মেজৰ শৈলন্দ্ৰ কুমাৰ যাদৱ হাফলঙত থকাৰ সময়ত হাফলঙৰ এগৰাকী যুৱতীৰ সৈতে বিয়া হৈছিল । কিন্তু দুই বছৰ আগতে সেনাবাহিনীৰ মেজৰ হিমাচল প্ৰেদশৰ পালমপুৰত বদলি হৈ যায় । তেতিয়া এই মেজৰ আৰু তেওঁৰ পত্নীয়ে হাফলঙৰ এগৰাকী কিশোৰীক ঘৰৰ কামৰ বাবে লগতে লৈ গৈছিল ।

লগতে পঢ়ক:HSLC exam 2024: ৩ অক্টোবৰৰ পৰা মেট্টিক পৰীক্ষাৰ্থীৰ প্ৰ-পত্ৰ পূৰণ আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.