ETV Bharat / state

FIR against journalist in Dima Hasao: ব্যৱসায়ীৰ পৰা ধন দাবী কৰা সাংবাদিকৰ বিৰুদ্ধে এজাহাৰ - ডিমা হাছাও

তথাকথিত সাংবাদিকৰ বিৰুদ্ধে এজাহাৰ থানাত (FIR against journalist at police station) ৷ ব্যৱসায়ীৰ পৰা ধন দাবী কৰা অডিঅ' ক্লিপ ভাইৰেল হৈ পৰিছিল চ’ছিয়েল মিডিয়াত ৷ তাৰ পিছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি চ’ছিয়েল মিডিয়াত ৷

all-assam-karbi-students-association-has-filed-a-case-against-portal-journalist-in-dima-hasao
ব্যৱসায়ীৰ পৰা ধন দাবীৰ অভিযোগত সাংবাদিকৰ বিৰুদ্ধে থানাত এজাহাৰ
author img

By

Published : Jul 22, 2022, 12:41 PM IST

ডিমা হাছাও, 22 জুলাই: ডিমা হাছাও জিলাত পৰ্টেল সাংবাদিকৰ বিৰুদ্ধে এগৰাকী ব্যৱসায়ীৰ পৰা ধন দাবী কৰাৰ অভিযোগত এজাহাৰ দাখিল ৷ অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওৰ উদ্যোগ নগৰী হিচাপে পৰিচিত উমৰাংচ'ত এটা স্থানীয় নিউজ পৰ্টেলৰ বিশ্বজিৎ দে নামৰ এজন সাংবাদিকে ব্যৱসায়ীৰ পৰা ফোন যোগে বিচাৰিছিল ধন ৷ এক সংবাদ সম্প্ৰচাৰ কৰাৰ পৰা বিৰত থকাৰ বাবে এই ধন দাবী কৰিছিল তথাকথিত সাংবাদিকজনে আৰু তাৰ পাছতে চ’ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল ধন দাবীৰ সম্পূৰ্ণ অডিঅ' ক্লিপ ৷ ইয়াৰ পিছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে পাহাৰীয়া জিলাত ৷

ব্যৱসায়ীৰ পৰা ধন দাবী কৰা সাংবাদিকৰ বিৰুদ্ধে এজাহাৰ

তথাকথিত সাংবাদিকজনৰ বিৰুদ্ধে সদৌ অসম কাৰ্বি ছাত্ৰ সন্থাই উমৰাংচ' থানাত এক এজাহাৰ দাখিল কৰিছে (All Assam Karbi Students Association has filed a case against portal journalist)। কিয়নো তথাকথিত পৰ্টেলৰ সাংবাদিকজনে উমৰাংচ' বজাৰৰ ব্যৱসায়ী সুজিত চৌধুৰীৰ পৰা ফোন যোগে ধন দাবী কৰি কৈছিল যে সদৌ অসম কাৰ্বি ছাত্ৰ সন্থাই টকা বিচাৰিছে । সদৌ অসম কাৰ্বি ছাত্ৰ সন্থাৰ নামত ভুৱা অপবাদ দিয়াৰ বাবে সদৌ অসম কাৰ্বি ছাত্ৰ সন্থাই সাংবাদিকজনৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ ।

উল্লেখযোগ্য যে, যোৱা দেওবাৰে উমৰাংচ' বজাৰত চাৰিজন যুৱকে সুজিত চৌধুৰী নামৰ ব্যক্তিগৰাকীৰ ৰেষ্টুৰেণ্টত চাওমিন খোৱাৰ পিছতে চাৰিওজন যুৱক অসুস্থ হৈ পৰিছিল বুলি অভিযোগ আছিল । চাৰিওজন অসুস্থ যুৱকক পৰৰ্বতী সময়ত উমৰাংচ' হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে তেওঁলোকক মেঘালয়ৰ জোঁৱাই হাস্পতাললৈ প্ৰেৰণ কৰিছিল ৷

বৰ্তমান তিনিজন যুৱক সুস্থ হৈ হাস্পতালৰ পৰা উভতি আহিছে আৰু এজন যুৱক আজি কালিৰ ভিতৰত হাস্পতালৰ পৰা উভতি আহিব বুলি সদৌ অসম কাৰ্বি ছাত্ৰ সন্থাই এক সংবাদমেল যোগে জানিবলৈ দিয়ে এই তথ্য ৷ এই চাৰিওজন যুৱকৰ চিকিৎসাৰ বাবে ৰেষ্টুৰেণ্টৰ স্বতাধিকাৰীয়ে নিজেই সকলো ব্যৱস্থা কৰে বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: Ansari Recommended to Invite Pak Journo:পাক সাংবাদিক নুছৰত মিৰ্জাক আমন্ত্ৰণৰ আহ্বান SCৰ অধিবক্তাক

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.