ETV Bharat / state

যাতায়াত ব্যাহত: বায়ু সেনাৰ হেলিকপ্টাৰেৰে ডিমা হাছাওলৈ খাদ্য সামগ্ৰী যোগান

author img

By

Published : May 19, 2022, 10:36 AM IST

প্ৰকৃতিৰ ৰোষত ডিমা হাছাও । বানপানী আৰু ভূমিস্খলনৰ ফলত হাজাৰ হাজাৰ লোক গৃহহীন (Flood and landslide in Dima Hasao)। শিবিৰত আশ্ৰয় গ্ৰহণ লোকসকলৰ । বায়ু সেনাৰ হেলিকপ্টাৰৰ জৰিয়তে জিলাখনলৈ খাদ্য সামগ্ৰী যোগান ।

Flood
বায়ু সেনাৰ হেলিকপ্টাৰেৰে ডিমা হাছাওলৈ খাদ্য সামগ্ৰীৰ যোগান

ডিমা হাছাও, ১৯ মে : সংকটত এতিয়া অসমৰ পাহাৰীয়া জিলা ডিমা হাছাও (Crisis in Dima Hasao)। শেহতীয়াকৈ নেৰানেপেৰা বৰষুণৰ ফলত জিলাখনত বানপানী আৰু ভূমিস্খলনে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে (Flood and landslide in Dima Hasao)। একপ্ৰকাৰ ধ্বংসস্তূপত পৰিণত পাহাৰীয়া জিলাখন । প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ জিলাখনৰ ৰাইজে কেতিয়াও প্ৰকৃতিৰ এনে ৰূপ দেখা নাছিল । যাৰ বাবে আতংকিত হৈ পৰিছে জিলাখনৰ ৰাইজ ।

ইতিমধ্যে জিলাখনৰ বহু গুৰুত্বপূৰ্ণ পথ বাঢ়নী পানীয়ে উটুৱাই নিছে । ৰেল যোগাযোগ ব্যাহত হৈ পৰিছে । যাতায়ত আৰু যোগাযোগ ব্যৱস্থা স্থবিৰ হৈ পৰিছে ।জিলাখনৰ একাংশ লোক এতিয়া গৃহহীন হৈ পৰিছে । বহুতে ৰেল ষ্টেচন বা ওখ স্থানত আশ্ৰয় লৈছে । লগে লগে খাদ্য সংকটে দেখা দিছে বহু ঠাইত (Food crisis in Dima Hasao)।

Dimahasao

যাতায়ত ব্যৱস্থা স্থবিৰ হৈ পৰাৰ লগে লগে পাহাৰীয়া জিলাখনত ৰন্ধন গেছ আৰু পে'ট্ৰল-ডিজেলৰ নাটনিয়ে দেখা দিছে । সেয়েহে বায়ু সেনাকে ধৰি সংশ্লিষ্ট কৰ্তৃপক্ষই জিলাখনৰ ৰাইজক উদ্ধাৰ কৰাৰ লগতে বিভিন্ন ধৰণৰ সহায় আগবঢ়াইছে । ইয়াৰ মাজতে বুধবাৰে জিলাৰ সদৰ হাফলঙত বায়ু সেনাই হেলিকপ্টাৰযোগে খাদ্য সামগ্ৰী বিতৰণ কৰে (Air Force helicopter carries food items in Dima Hasao)।

বৃহস্পতিবাৰেও বায়ু সেনাৰ হেলিকপ্টাৰৰ জৰিয়তে জিলাখনলৈ খাদ্য সামগ্ৰী লৈ যোৱা হ'ব । বুধবাৰ সন্ধিয়া উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লচাই মাইবাঙত কেইবাটাও আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি আশ্ৰয় শিবিৰত থকা লোকসকলক উত্তৰ কাছাৰ পাৰ্বত্য পৰিষদ আৰু ৰাজ্য চৰকাৰৰ ফালৰ পৰা সকলো ধৰণৰ সহযোগিতা আৰু সাহায্য আগবঢ়োৱা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে ।

লগতে পঢ়ক :Mini Switzerland in trouble : সংকটত উত্তৰ-পূৱ ভাৰতৰ মিনি চুইজাৰলেণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.