ডিমা হাছাও, 12 মে’ : ক্ৰমাৎ গণ সংক্ৰমণৰ দিশে গতি কৰিছে পাহাৰীয়া জিলা ডিমা হাছাও ৷ জিলাখনত কৰ’ণাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে 344 গৰাকীলৈ ৷ মঙলবাৰৰ দিনটোত ডিমা হাছাওত নতুনকৈ 27 গৰাকী লোক কৰ’ণাত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে ৷
উল্লেখ্য যে, হাফলং চহৰৰ হাগজাৰ নগৰ ৰামনগৰ ৰে’লৱে কলনীৰ নিম্ন হাফলং অঞ্চলত কৰ’ণাৰ গণ সংক্ৰমণ আৰম্ভ হৈছে । অৱশ্যে 164 গৰাকী ৰোগী বৰ্তমান সুস্থ হৈ উঠিছে ।
ইয়াৰোপৰি, হাফলং অসামৰিক চিকিৎসালয়ত 35 গৰাকী ৰোগীৰ চিকিৎসা চলি আছে আৰু 139 গৰাকীক হোম আইচ’লেশ্যনত ৰখা হৈছে ৷
আনহাতে, 5 গৰাকী ৰোগীক উন্নত চিকিৎসাৰ বাবে জিলাৰ বাহিৰলৈ প্ৰেৰণ কৰা হৈছে । হাফলঙত বৰ্তমানলৈকে কৰ’ণাত আক্ৰান্ত হৈ এগৰাকী লোকৰ মৃত্যু হৈছে ৷
লগতে পঢ়ক : ধ্বংসৰ গৰাহত ঐতিহাসিক বিষ্ণুদ’ল