ডিমা হাছাও 20 জুলাই : ডিমা হাছাও জিলাত ক'ভিড-19 ৰোগীৰ সংখ্যা 140 জনলৈ বৃদ্ধি পাইছে । সোমবাৰে ডিমা হাছাওত নতুনকৈ 5 জনৰ দেহত ক'ভিড-19 ৰ উপস্থিতি ধৰা পৰে । বহিঃৰাজ্যৰ পৰা আহি হাফলং চৰকাৰী কোৱাৰেন্টাইন কেন্দ্ৰত থকা দুগৰাকী ব্যক্তিৰ লগতে উমৰাংচোত হোম কোৱাৰেন্টাইনত থকা দুগৰাকী মহিলা আৰু গুৱাহাটীৰ পৰা অহা এজন ট্ৰাক ড্ৰাইভাৰৰ দেহত ক'ভিড 19 -ৰ উপস্থিতি ধৰা পৰে।
গুৱাহাটীৰ পৰা এই ট্ৰাক ড্ৰাইভাৰ জনৰ হাফলঙলৈ অহাৰ পাচত তেওঁৰ স্বাৱ সংগ্ৰহ কৰা হৈছিল ৷ ইয়াৰ পাচত ট্ৰাক ড্ৰাইভাৰ জন আকৌ গুৱাহাটীলৈ উভতি গৈছিল যদিও দেওবাৰে নিশা এই ড্ৰাইভাৰ জনৰ ক'ভিড 19 ৰিপ'ৰ্ট পজিটিভ আহে। কিন্তু এই ট্ৰাক ড্ৰাইভাৰ জনৰ স্বাৱ সংগ্ৰহ কৰাৰ পাচত গুৱাহাটীলৈ উভতি যোৱা গৈ কিমান লোকৰ সংস্পৰ্শলৈ আহিছিল সেয়া এতিয়া ডাঙৰ প্ৰশ্ন হৈ পৰিছে । ইতিমধ্যে ডিমা হাছাও জিলাত ক'ভিড-19 ৰোগত আক্ৰান্ত 146 জন ৰোগীৰ মাজত 134 গৰাকী লোক সুস্থ হৈ ঘৰলৈ উভতি গৈছে । বৰ্তমান হাফলং অসামৰিক চিকিৎসালয়ৰ আইচলেচনত 12 গৰাকী ৰোগীৰ ভৰ্তি হৈ আছে বুলি স্বাস্থ্য বিভাগৰ পৰা জানিব পৰা গৈছে।
ইপিনে সোমাবাৰৰ পৰা ডিমা হাছাও জিলাত 14 দিনৰ লক ডাউনৰ অন্ত পৰে। ইয়াৰ পাচতেই ডিমা হাছাও জিলাৰ হাফলংৰ লগত জিলাৰ বিভিন্ন ঠাইত চৰকাৰী সকলো নীতি-নিয়ম উলংঘা কৰি ৰাইজ ওলাই আহে বজাৰলৈ। যাৰ বাবে সোমাবাৰে বজাৰত মানুহৰ প্ৰচণ্ড ভিৰ পৰিলক্ষিত হয়। স্বাস্থ্য বিধিৰ লগতে কোনেও সামাজিক দূৰত্ব মানি চলা নাই । এনেকৈ চলি থাকিলে ডিমা হাছাও জিলাত ক'ভিড 19 ৰোগৰ গণ সংক্ৰমণৰ সম্ভাৱনা দেখা দিব পাৰে।
লগতে পঢ়ক : 23 জুলাইৰ পৰা যোৰহাটত আনলক প্ৰক্ৰিয়া আৰম্ভ