ETV Bharat / state

ডিমা হাছাওৰ জাতিংগা আৰু দহিঙত ১৪৪ ধাৰা বলবৎ

আগষ্টৰ পৰা নৱেম্বৰলৈ দেশ-বিদেশৰ পৰিভ্ৰমী চৰাইৰ আগমন আৰম্ভ হয় জাতিংগা(Jatinga in Dima Hasao)আৰু দহিং গাঁৱত। এই পৰিভ্ৰমী চৰাইক চোৰাং চিকাৰীয়ে নিধন কৰি বজাৰত মুকলিকৈ বিক্ৰী কৰি আহিছে । সেয়েহে প্ৰশাসনে জাৰি কৰিছে ১৪৪ ধাৰা ।

author img

By

Published : Aug 25, 2022, 3:18 PM IST

Jatinga in  Dima Hasao
ডিমা হাছাওৰ জাতিংগা আৰু দহিঙত ১৪৪ ধাৰা বলবৎ

ডিমা হাছাও ২৫ আগষ্ট: শৰতৰ আগমনৰ লগে লগে ৰাজ্য়ৰ বিভিন্ন ঠাইত সোঁত ববলৈ ধৰিছে পৰিভ্ৰমী চৰাইৰ(Migratory birds in Assam)। বিশেষকৈ এই সময়ত পাহাৰীয়া জিলা কেইখনলৈ এনে পক্ষীৰ আগমন বেছি হোৱা দেখা যায় । এতিয়া ডিমা হাছাও(Migratory birds in Dima Hasao)জিলাত দেশ-বিদেশৰ পৰা পৰিভ্ৰমী পক্ষীৰ আগমন আৰম্ভ হৈছে ।

উল্লেখ্য় যে আগষ্টৰ পৰা নৱেম্বৰলৈ দেশ-বিদেশৰ পৰিভ্ৰমী চৰাইৰ আগমন আৰম্ভ হয় জাতিংগা(Jatinga in Dima Hasao)আৰু দহিং গাঁৱত(Dahing Village of Assam) । এই বছৰতো আৰম্ভ হৈছে বিভিন্ন ৰঙী পক্ষীৰ কলৰৱ । আনহাতে,এই পৰিভ্ৰমী চৰাইক চোৰাং চিকাৰীয়ে নিধন কৰি বজাৰত মুকলিকৈ বিক্ৰী কৰি আহিছে । এই পক্ষীসমূহৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে প্ৰশাসনে ১৪৪ ধাৰা বলবৎ কৰিছে । হাফলং আৰক্ষী থানাৰ অন্তৰ্গত জাতিংগা আৰু ৰেটজলৰ দহিং গাঁৱত ১৪৪ ধাৰাৰ জাৰি কৰা হৈছে বুলি ডিমা হাছাও জিলা প্ৰশাসনে সদৰী কৰিছে ।

ডিমা হাছাও জিলাৰ উপায়ুক্ত তথা জিলা ন্যায়িক দণ্ডাধীশ নাজৰিন আহমেদে এক নিৰ্দেশত ফৌজদাৰী বিধিৰ অধীনত জাতিংগা আৰু দহিং গাঁৱত ১৪৪(144 of CRPC)ধাৰাৰ অধীনত চাৰিগৰাকী ব্যক্তি একেলগে গোট খোৱাত নিষেধাজ্ঞা জাৰি কৰিছে । তদুপৰি কোনো লোকে উচ্চ ক্ষমতা সম্পন্ন হেল'জিন লাইট ব্যৱহাৰ কৰিব নোৱাৰিব । তদুপৰি এই দুখন গাঁৱলৈ বন্দুক আদি নিয়াতো বাধা আৰোপ কৰিছে প্ৰসাসনে । চৰাইৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে বন বিভাগৰ নিৰাপত্তা বাহিনীয়ে ২৪ ঘণ্টাই পহৰাৰ ব্য়ৱস্থা কৰিছে ।

এতিয়া ডিমা হাছাও জিলাএই যে কেৱল দেশ-বিদেশৰ পৰা চৰাই আহে তেনে নহয় । সমান্তৰাল ভাবে এই সময়ত জাতিংগাৰ দহিং গাঁৱতো আগমণ ঘটে।ইয়াৰ উপৰি হাফলং উমৰাংচ'ত এনে চৰাইৰ কোলাহলে পৰ্যটকক আকৰ্ষণ কৰি আহিছে।ডিমা হাছাও জিলাত পাখিৰ আগমনৰ লগে লগে পৰ্যটক সকলে এই দৃশ্য উপভোগ কৰিবলৈ ভিৰ কৰেহি ।

পক্ষীৰ আত্মহত্যাৰ ৰহস্য উদঘাটন কৰিবলৈ বিভিন্নজনে ভিন্ন লেখনি প্ৰকাশ কৰিছে ৷ কিন্তু বহু সময়লৈ ইয়াৰ ৰহস্য ফাদিল কৰাত ব্যৰ্থ হৈছে ৷ কোনোবাই কয় পক্ষীৰ মৃত্যুৰ সময় আহিলে নিজে উক্ত স্থানলৈ উৰি যায় । আন একাংশৰ মতে আকৌ উক্ত স্থানত আছে অশৰীৰী আত্মা ৷ সেইবাবেই নাইকিয়া হৈ যায় পক্ষীকূল ৷ এনে এখন স্থানেই হৈছে অসমৰ জাতিংগা ।

লগতে পঢ়ক:চিৰাঙত দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত কৰ্তব্যৰত আশাকৰ্মী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.