ETV Bharat / state

৩ জানুৱাৰীত মুকলি হ'ব 'জুবিন সেঁতু'

author img

By

Published : Jan 1, 2021, 9:20 PM IST

মুখ্য়মন্ত্ৰীৰ গৃহ জিলাত উন্নয়নৰ ওলোটা ছবি । চৰকাৰে গুৰুত্ব নিদিয়াত ৰাইজে সাজি উলিয়ালে ৩০০ ফুট দৈৰ্ঘ্য়ৰ বাঁহৰ দলং । ৩ জানুৱাৰীত মুকলি হ'ব 'জুবিন সেঁতু' নামৰ দলং খন ।

৩ জানুৱাৰীত মুকলি হ'ব 'জুবিন সেঁতু'
৩ জানুৱাৰীত মুকলি হ'ব 'জুবিন সেঁতু'

মৰাণ , ১ ডিচেম্বৰ : ৰাজ্য় চৰকাৰক প্ৰত্য়াহ্বান জনাই এইবাৰ ডিব্ৰুগড় জিলাত ৰাইজে নিৰ্মাণ কৰিলে প্ৰায় ৩০০ ফুট দৈৰ্ঘ্য়ৰ বাঁহৰ দলং । ডিব্ৰুগড় জিলাৰ মৰাণ বিধানসভা সমষ্টিৰ বুঢ়ীদিহিঙৰ দুইপাৰৰ ৰাইজে যোৱা ২৮ বছৰে যাতায়তৰ সুবিধাৰ বাবে এখন দলং নিৰ্মাণৰ বাবে দাবী জনাই আহিছিল ; কিন্তু কোনো এখন চৰকাৰে চেচুঘাট আৰু লেজাই-কলাখোৱা আদি অঞ্চলৰ ৰাইজৰ দাবীক গুৰুত্ব নিদিলে । যাৰ বাবে অৱশেষত সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত খোৱাং, লেজাই-কলাখোৱা আৰু বৰবৰুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত ৰাইজে সাজি উলিয়ালে বাঁহৰ দলং খন । নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হৈ উঠা এই দলং খনৰ ৰাইজে নাম দিছে 'জুবিন সেঁতু' হিচাপে । যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰৱ শিল্পী জুবিন গাৰ্গৰ নামেৰে নামাকৰণ কৰা এই দলং খন অহা ৩ জানুৱাৰীত মুকলিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাইজে ।

৩ জানুৱাৰীত মুকলি হ'ব 'জুবিন সেঁতু'
৩ জানুৱাৰীত মুকলি হ'ব 'জুবিন সেঁতু'

উল্লেখ যে ১৯৬২ চনৰ পৰা চেচুঘাট আৰু লেজাই-কলাখোৱা সংযোগী বুঢ়ীদিঙৰ ওপৰত দলং নিৰ্মাণৰ বাবে চেচুঘাট পকীদলং বাইপাছ দাবী সমিতিয়ে দাবী জনাই আহিছিল ৷ তাৰ পিছতে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে তেওঁৰ কাৰ্যকালৰ আৰম্ভণিতে দলংখন নিৰ্মাণ কৰি দিম বুলি প্ৰতিশ্ৰুতিও দিছিল । কিন্তু সেয়া কেৱল ফাইলৰ মাজতে আবদ্ধ থকাৰ অভিযোগ ৰাইজৰ । মুখ্য়মন্ত্ৰীৰ গৃহ জিলাতে উন্নয়নৰ এনে বিপৰীত ছবি দেখি এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাজ্য়ৰ ভিন্ন প্ৰান্তত ।

৩ জানুৱাৰীত মুকলি হ'ব 'জুবিন সেঁতু'
৩ জানুৱাৰীত মুকলি হ'ব 'জুবিন সেঁতু'

লগতে পঢ়ক :নৱবৰ্ষৰ প্ৰথমটো দিনত মদন কামদেৱ দেৱালয়ত ভিৰ পৰ্যটকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.