ETV Bharat / state

জকাই সাহিত্য মনীষী উপবনৰ প্ৰাসংগিকতা...

author img

By

Published : May 18, 2021, 9:42 AM IST

Updated : May 18, 2021, 12:05 PM IST

সমগ্ৰ দেশত কৰ'ণাৰ দ্বিতীয়টো ঢৌৱে সংহাৰী ৰূপ ধাৰণ কৰাত চৰ্চালৈ আহিছে মৰাণ বিধানসভা সমষ্টিৰ জকাই সাহিত্য মনীষী উপবনৰ কথা ৷ অসমৰ বিশিষ্ট সাহিত্যিকসকলৰ নামত এজোপাকৈ গছপুলি ৰোপণ কৰি অহা এই জকাই সাহিত্য মনীষী উপবনখনক সু-পৰিকল্পনাৰে কাৰ্যক্ষম কৰিবলৈ চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে সকলোৱে ।

zokai Sahitya Manishi Upavan has come into the limelight during the corona epidemic
কৰ'ণা মহামাৰীৰ সময়ত চৰ্চালৈ আহিছে জকাই সাহিত্য মনীষী উপবন

মৰাণ,18 মে': কৰ'ণাৰ দ্বিতীয়টো ঢৌৱে সমগ্ৰ দেশত সংহাৰী ৰূপ লোৱাত অক্সিজেনৰ অভাৱত মৃত্যু মুখত পৰিছে দেশৰ হাজাৰ হাজাৰ লোক ৷ যাৰ ফলত এক অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছে সমগ্ৰ দেশত ৷ ঠিক তেনে সময়তে ডিব্ৰুগড় জিলাৰ মৰাণ বিধানসভা সমষ্টিৰ জকাই সাহিত্য মনীষী উপবন চৰ্চালৈ আহিছে ৷ বিগত বছৰত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্বোধন কৰা উপবনখনত অসমৰ বিশিষ্ট সাহিত্যিকসকলৰ নামত ৰোপণ কৰি আহিছে এজোপাকৈ গছপুলি ৷

জকাই সাহিত্য মনীষী উপবনৰ প্ৰাসংগিকতা...

কিন্তু ক'ভিডৰ সংক্ৰমণৰ বাবে উদ্যানখন বন্ধ হৈ আছে যদিও উদ্যানখনত ৰোপণ কৰা মূল্যবান গছসমূহে ঠন ধৰি উঠাত এক মনোমোহা পৰিৱেশে বিৰাজ কৰিছে ৷ প্ৰকৃতি সংৰক্ষণৰ এক সুন্দৰ নিদৰ্শন দেখুৱাই অহা উদ্যানখনৰ কৰ্তৃপক্ষক শলাগ লৈছে সকলোৱে ৷ জকাই বন বিভাগৰ অধীনত থকা জৈৱিক বৈচিত্ৰ্যৰ উদ্যানখন ভবিষ্যতে পৰ্যটনৰ আকৰ্ষণীয় কেন্দ্ৰ হিচাপে গঢ়ি উঠাৰ সম্ভাৱনা থকাৰ বাবে নতুন চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষক সাহিত্য মনীষী উপবনখন সু-পৰিকল্পনাৰে কাৰ্যক্ষম কৰিবলৈ আহ্বান জনাইছে সকলোৱে ।

লগতে পঢ়ক: বিধায়ক ৰূপক শৰ্মাৰ ক’ভিড চিকিৎসা কেন্দ্ৰ পৰিদৰ্শন

Last Updated : May 18, 2021, 12:05 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.