মৰাণ, 19 মে': লক ডাউনৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে ড্ৰাগছ, গাঞ্জাকে ধৰি বিভিন্ন নিচাজাতীয় নিষিদ্ধ সামগ্ৰীৰ গোপন ব্যৱসায় ৷ সোমবাৰে মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত মৰাণ ৰে'ল ষ্টেচনৰ সমীপৰ এখন ৱেলডিঙৰ দোকানত আৰক্ষীয়ে চলোৱা অভিযানত 338 গ্ৰাম গাঞ্জা সহ আটক হয় এজন লোক ৷ প্ৰাপ্ত খবৰ অনুসৰি, ৱেলডিং দোকানৰ স্বত্বাধিকাৰী জিন্তু চুতীয়াই ৱেলডিং দোকানৰ লগতে দীৰ্ঘদিনৰ পৰা চলাই আহিছিল গাঞ্জা ব্যৱসায় ৷
উল্লেখ্য যে, এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত আৰক্ষীয়ে চলোৱা অভিযানত পলিথিনত ৰাখি থোৱা অৱস্থাত আৰক্ষীয়ে জব্দ কৰে গাঞ্জাখিনি ৷ লগতে অবৈধ গাঞ্জা খিনিৰ লগতে আটক কৰিছে ব্যৱসায়ী জিন্তু চুতীয়াক ৷ ইয়াৰ উপৰিও ব্যৱসায়ীজনৰ পৰা এখন স্কুটীও জব্দ কৰিছে আৰক্ষীয়ে ৷ কোভিড-১৯ সন্ত্ৰাসৰ মাজতে এই ব্যৱসায়ীজনে কেনেদৰে এই অবৈধ গাঞ্জা ব্যৱসায় চলাই থাকিবলৈ সুবিধা পাইছে, তাক লৈ এতিয়া মৰাণৰ সচেতন মহলৰ মাজত বিভিন্ন প্ৰশ্নও উদয় হৈছে ৷
লগতে পঢ়কঃ আৰক্ষীৰে তিনি ঘন্টাৰ শ্বাসৰুদ্ধকৰ গুলীয়াগুলিৰ অন্তত নিহত সঞ্জয় দাস