ETV Bharat / state

তাঁতৰ শালত সপোন ৰচিছে এজাক মহিলাই

author img

By

Published : Jan 20, 2021, 10:54 PM IST

যি সময়ত শিক্ষিত যুৱতী সকলে কৰ্মসংস্থান নাই কৰ্মবিমুখ হ'ব লগা হৈছে তেনে সময়ত তেলীয়া পথাৰ গাৱঁত জীয়ৰী মহিলা সকলে তাঁত শালত সপোন ৰচী দেখুৱাইছে অন্য এক নিদৰ্শন । চৰকাৰে ইতিমধ্যে তেলীয়া পথাৰ গাৱঁক আদৰ্শ শিপিনী গাওঁ হিচাপে ঘোষণা কৰিছে ৷

As_Moran_803to8012_Women engaged in handloom industry at Moran_As10031
তাঁতৰ শালত সপোন ৰচিছে এজাক মহিলাই

মৰাণ,20 জানুৱাৰী: অসমীয়া জাতিৰ বাবে তাঁতশালখন অতি হেঁপাহৰ ৷ প্ৰতিগৰাকী নাৰীৰ শিপিনীৰ পৰিচয় বিভিন্ন সময়ত ৰচিত বিহুনাম আদিৰ মাজেৰে ফুটি উঠে ৷ মৰমৰ দীঘেৰে, চেনেহৰ বাণিৰে বোৱা বিহুৱান একোখন প্ৰিয়জনক উপহাৰত দিয়ে অসমীয়া শিপিনীয়ে ৷ তাঁতশালত প্ৰাণ পাই উঠা অসমীয়া সমাজৰ গামোচাৰ আজি দিনত বিশ্বৰজুৰি সন্মান আছে যদিও আধুনিক জাক-জমকতাত ক্ৰমাৎ নিঃশেষ হ’বলৈ ধৰিছে অসমৰ তাঁতশাল ৷ ইয়াৰ মাজতে তাঁত শালতে সপোন ৰচিছে এজাক মহিলাই ৷

তাঁতৰ শালত সপোন ৰচিছে এজাক মহিলাই

ডিব্ৰুগড় জিলাৰ মৰাণ সমষ্টিৰ অন্তৰ্গত তেলীয়া পথাৰ গাৱঁত অৱস্থিত পুণ্য অৰণ্য বয়ন শিল্পৰ যোগেদি অঞ্চলটোৰ ১১৫ গৰাকী শিপিনী স্বাৱলম্বী হৈছে ৷ তেলীয়া পথাৰ গাৱঁৰ বিশিষ্ট সমাজকৰ্মী তথা ব্যৱসায়ী কন্দৰ্প সাগৰ দিহিঙীয়াই প্ৰতিষ্ঠা কৰা বয়ন কেন্দ্ৰটোৱে গাৱঁৰ মহিলাসকলক প্ৰদান কৰিছে আত্মনিৰ্ভৰশীতাৰ পথ ৷ যি সময়ত শিক্ষিত যুৱতী সকলে কৰ্মসংস্থান নাপাই কৰ্মবিমুখ হ'ব লগা হৈছে তেনে সময়ত তেলীয়া পথাৰ গাৱঁত জীয়ৰী মহিলা সকলোৱে তাঁত শালত সপোন ৰচি দেখুৱাইছে অন্য এক নিদৰ্শন ।

চৰকাৰে ইতিমধ্যে তেলীয়া পথাৰ গাৱঁক আদৰ্শ শিপিনী গাওঁ হিচাপে ঘোষণা কৰিছে ৷ ইতিমধ্যে যন্ত্ৰচালিত শালৰ বয়ন কেন্দ্ৰ নিমাৰ্ণৰ বাবে আৰ্থিক অনুদান প্ৰদান কৰিছে চৰকাৰে ৷ অতিশীঘ্ৰে কেন্দ্ৰটো সম্পূৰ্ণ হৈ উঠিব ৷ পূৰ্বতে অসমৰ গাঁওবোৰৰ প্ৰতিখন ঘৰতেই একোখন তাঁতশাল আছিল যদিও কালক্ৰমত হেৰাই যোৱা এই পৰিৱেশ যেন মৰাণলৈ পুনৰ উভটি আহিছে ৷

লগতে পঢ়ক-উত্তৰ গুৱাহাটীত অক্ষয় পাত্ৰ উদ্বোধন মুখ্যমন্ত্ৰী সোণোৱালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.