ETV Bharat / state

মাইক্ৰ' ফাইনেন্স কোম্পানীৰ সপক্ষে দুই শতাধিক মহিলা

author img

By

Published : Nov 7, 2019, 11:10 PM IST

বৃহস্পতিবাৰে মৰাণৰ গড়কাপ্তানি পৰিদৰ্শন ভৱনৰ চৌহদত মাইক্ৰ' ফাইনেন্স কোম্পানীৰ সপক্ষত সমবেত হ'ল প্ৰায় দুই শতাধিক মহিলা । উপস্থিত থাকিল বন্ধন,আৰোহণ,এল এনটিকে আদি কৰি কেইবাটাও মাইক্ৰ' ফাইনেন্স কোম্পানীৰ বিষয়ববীয়া

মাইক্ৰ ফাইনেন্স কোম্পানীৰ সপক্ষত দুই শতাধিক মহিলা

মৰাণ, 7 নৱেম্বৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত মাইক্ৰ' ফাইনেন্স কোম্পানীৰ বিৰুদ্ধে একাংশ দল সংগঠনৰ নেতৃত্বত আন্দোলন চলি থকা সময়তে মৰাণত দেখিবলৈ পোৱা গ'ল এখন বিপৰীত ছবি । বৃহস্পতিবাৰে মৰাণৰ গড়কাপ্তানি পৰিদৰ্শন ভৱনৰ চৌহদত মাইক্ৰ' ফাইনেন্স কোম্পানীৰ সপক্ষে সমবেত হ'ল প্ৰায় দুই শতাধিক মহিলা । উপস্থিত থাকিল বন্ধন,আৰোহণ,এল এনটিকে আদি কৰি কেইবাটাও মাইক্ৰ' ফাইনেন্স কোম্পানীৰ বিষয়ববীয়া । মাইক্ৰ' ফাইনেন্স কোম্পানীৰ জৰিয়তে দুখীয়া ৰাইজৰ সুবিধা হোৱাকৈ আৰ্থিক ঋণ প্ৰদান কৰাৰ বাবে সমূহ মৰাণবাসী হৈ কোম্পানীৰ বিষয়ববীয়া সকলক কৃতজ্ঞতা স্বীকাৰ আৰু সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে মামণি বৰঠাকুৰৰ নেতৃত্বত এখন সভা অনুষ্ঠিত হয় ।

মাইক্ৰ ফাইনেন্স কোম্পানীৰ সপক্ষত দুই শতাধিক মহিলা

সভাত কোম্পানী সমূহৰ কেইবাজনো বিষয়ববীয়াই নিজৰ নিজৰ মন্তব্য দাঙি ধৰে । তেওঁলোকৰ মতে, গ্ৰাম্যঞ্চলৰ মহিলা সকলক স্বাৱলম্বী হোৱাৰ উদ্দেশ্যে এই কোম্পানীবিলাকে ঋণ যোগান ধৰে । অতি কম সুতত প্ৰদান কৰা এই ঋণে তেওঁলোকক যথেষ্ট সহায় কৰিছে বুলি উল্লেখ কৰি কোম্পানীৰ বিষয়ববীয়া সকলে কয় যে, বৰ্তমান বহু মহিলাই এই ঋণ লৈ স্বাৱলম্বী হোৱাৰো বহুত উদাহৰণ আছে । তেওঁলোকে লগতে গ্ৰাম্যঞ্চললৈ ঋণৰ কিস্তি সংগ্ৰহৰ বাবে যোৱা কোম্পানীৰ একাংশ কৰ্মীক গাঁ‌ৱৰ একাংশ মহিলাই অপদস্থ কৰে বুলিও উল্লেখ কৰে ।

Intro:

ৰাজ্যৰ বিভিন্ন প্ৰান্তত মাইক্ৰ ফাইনেন্স কোম্পানীৰ বিৰোদ্ধে একাংশ দল সংগঠনৰ নেতৃত্বত আন্দোলন চলি থকা সময়তে মৰাণত দেখিবলৈ পোৱা গ'ল এখন বিপৰীত ছবি । আজি মৰাণৰ গড়কাপ্তানি পৰিদৰ্শন ভৱনৰ চৌহদত মাইক্ৰ ফাইনেন্স কোম্পানীৰ সপক্ষত সমবেত হ'ল প্ৰায় দুই শতাধিক মহিলা । উপস্থিত থাকিল বন্ধন,আৰোহণ,এল এনটিকে আদি কৰি কেইবাটাও মাইক্ৰ ফাইনেন্স কোম্পানীৰ বিষয় ববীয়া । মাইক্ৰ ফাইনেন্স কোম্পানীৰ জৰিয়তে দুখীয়া ৰাইজৰ সুবিধা হোৱাকৈ আৰ্থিক ঋণ প্ৰদান কৰাৰ বাবে সমূহ মৰাণবাসী হৈ কোম্পানীৰ বিষয়ববীয়া সকলক কৃতজ্ঞতা স্বীকাৰ আৰু সম্বোৰ্ধনা জনোৱাৰ উদ্দেশ্যে মামণি বৰঠাকুৰৰ সভানেতৃত্বত এখন সভা অনুষ্ঠিত হয় । উক্ত সভাত কেইবাটাও মাইক্ৰ ফাইনেন্স কোম্পানীৰ বিষয় ববীয়াক একোখনকৈ ফুলাম গামোচাই সম্বোৰ্ধনা জনায় । সম্বোৰ্ধনা গ্ৰহণ কৰি কোম্পানী কেইটাৰ কেইবাজনো বিষয়ববীয়াই নিজৰ নিজৰ মন্তব্য দাঙি ধৰে । তেওঁলোকৰ মতে গ্ৰাম্যঞ্চলৰ মহিলা সকলক স্বাৱলম্বী হোৱাৰ উদ্দেশ্যে এই কোম্পানী বিলাকে ঋণ যোগান ধৰে । অতি কম সুতত প্ৰদান কৰা এই ঋণে তেওঁলোকক যথেষ্ট সহায় কৰিছে বুলি উল্লেখ কৰি কোম্পানীৰ বিষয়ববীয়া সকলে কয় যে বৰ্তমান বহু মহিলাই এই ঋণ লৈ স্বাৱলম্বন হোৱাৰো বহুত উদাহৰণ আছে । তেওঁলোকে লগতে গ্ৰাম্যঞ্চললৈ ঋণৰ কিস্তি সংগ্ৰহৰ বাবে যোৱা কোম্পানীৰ একাংশ কৰ্মীক গাঁ‌ৱৰ একাংশ মহিলাই অপদস্থ কৰে বুলিও উল্লেখ কৰে । সভাত উপস্থিত থকা একাংশ মহিলাই সাংবাদিকক কয় যে মাইক্ৰ ফাইনেন্স কোম্পানী বিলাকে তেওঁলোকক যথেষ্ট উপকৃত কৰিছে । যিটো সময়ত এটকা পইচাৰ বাবে তেওঁলোকে হাহাকাৰ কৰিব হৈছিল সেই সময়ত এই কোম্পানী বিলাকে দিয়া ঋণৰ পৰা ব্যৱসায় কৰি এতিয়া নিজকে স্বাৱলম্বী কৰি তুলিবলৈ সক্ষম হৈছে । সভাত উপস্থিত থাকি সাংবাদিকৰ আগত আহোম জাতীয় গণমঞ্চৰ অসমৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক অকণ ভূঞাই কয় যে মাইক্ৰ ফাইনেন্স কোম্পানী বিলাকে মানুহক খেদি খেদি লোণ নিদিয়ে । দহ গৰাকী মহিলা লগ লগাই তেওঁলোকৰ পৰামৰ্শ লৈহে লোণ দিয়ে । তেওঁ লগতে কয় যি বিলাক মানুহৰ ঘৰত পূৰ্বতে এখন চকীও নাছিল সেই বিলাক মানুহে এতিয়া এই কোম্পানী বিলাকৰ পৰা লোণ লৈ ব্যৱসায় কৰি বহুত উন্নতি কৰিবলৈ সক্ষম হৈছে । তেওঁ‌ কোম্পানী বিলাকক মানুহৰ মাজত সজাগতা সৃষ্টি কৰি লোণ প্ৰদান কৰিবলৈ আহ্বান জনোৱাৰ লগতে ৰিজাৰ্ভ বেংকৰ নীতি নিৰ্দেশনা বিলাক আখৰে আখৰে পালন কৰিবলৈ আহ্বান জনায় ।

Body:ঐConclusion:ঐ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.