মৰাণ, ২০ জানুৱাৰী: ডিব্ৰুগড়ত আৰক্ষী, আবকাৰী বিভাগৰ চকুত ধূলি একাংশ অসাধু ব্যৱসায়ীয়ে চলাইছে অৰুণাচলী সুৰাৰ অবৈধ বেহা । বুধবাৰে ডিব্ৰুগড় আবকাৰী বিভাগে বগীবিল দলঙৰ সমীপত অভিযান চলাই অৰুণাচলী সুৰাৰ ২০ কাৰ্টন জব্দ কৰে । কেৱল চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত বিক্ৰীৰ অনুমতি থকা সুৰাখিনি এ এচ -২৩ পি ২২৯৪ নম্বৰৰ এখন টাটা ব'ল্ট বাহনৰ পৰা জব্দ কৰে ৷
অভিযানৰ সময়ত আবকাৰী বিভাগে এজন লোকক গ্ৰেপ্তাৰ কৰে আৰু সেই লোকজনক বৰ্তমান ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে ৷ গোপন সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত আবকাৰী বিভাগে অভিযান চলাইছিল ।
লগতে পঢ়ক:বুধবাৰে হাফলঙত অৱসৰ প্ৰাপ্ত সেনা জোৱানৰ ৰি-ইউনিয়ন ৰেলি