ETV Bharat / state

Brahmaputra Erosion : ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰই খহালে সুৰক্ষা বান্ধ

দুজনকৈ কেন্দ্ৰীয় মন্ত্ৰীৰ গৃহজিলাত এটা শক্তিশালী মথাউৰি নিৰ্মাণ কৰিব নোৱাৰিলে জলসম্পদ বিভাগে (Water resources department of Assam) । মহাবাহু ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়াই উটুৱাই নিলে মাইজানত ডিব্ৰুগড়ৰ সুৰক্ষা বান্ধ (Dibrugarh security dam washes away by Brahmaputra) । চৰকাৰ তথা জলসম্পদ বিভাগৰ বিৰুদ্ধে ৰাইজে উজাৰিলে প্ৰচণ্ড ক্ষোভ । বিভাগৰ গুৰুত্বহীনতাৰ বাবে ডিব্ৰুগড় বিমানবন্দৰ, মেডিকেল কলেজলৈ প্ৰচণ্ড ভাবুকি ।

Dibrugarh
Dibrugarh
author img

By

Published : Oct 12, 2022, 9:55 PM IST

ডিব্ৰুগড়, ১২ অক্টোবৰ : ডিব্ৰুগড়ত দুজনকৈ কেন্দ্ৰীয় মন্ত্ৰী থকাৰ পাছতো সমস্যাই জুৰুলা কৰিছে ডিব্ৰুগড়ৰ ৰাইজক । দুজনকৈ কেন্দ্ৰীয় মন্ত্ৰীৰ গৃহ জিলা ডিব্ৰুগড়ত এটি শক্তিশালী ডিব্ৰুগড় সুৰক্ষা বান্ধ নিৰ্মাণ কৰিব নোৱাৰিলে জলসম্পদ বিভাগে । মন্ত্ৰী পীযুষ হাজৰীকাৰ (Water Resource minister Pijush Hazarika) দাম্ভিকতা উদঙাই দিলে ডিব্ৰুগড়ৰ ৰক্ষাকৱচ নগৰ সুৰক্ষা বান্ধে ।

ৰাইজে খহনীয়া প্ৰতিৰোধ কৰাৰ বাবে বাৰে বাবে আবেদন কৰাৰ পাছতো ৰাইজৰ কথাত গুৰুত্ব নিদিয়াত মাইজানত ব্ৰহ্মপুত্ৰই খহালে ডিব্ৰুগড়ৰ ৰক্ষাকৱচ নগৰ সুৰক্ষা বান্ধ (Dibrugarh security dam washes away by Brahmaputra) । মাইজানত খহি গ'ল বান্ধটোৰ এটা বৃহৎ অংশ । যাৰ বাবে মঙলবাৰে বান্ধ নিৰ্মাণ তথা খহনীয়া প্ৰতিৰোধৰ বাবে ওলাই আহে পাঁচ সহস্ৰাধিক জনতা । লগতে জলসম্পদ বিভাগৰ বিৰুদ্ধে উজাৰে প্ৰচণ্ড ক্ষোভ । আনহাতে, ৰঙা মাটিৰে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থাত ক্ষুণ্ণ হৈ পৰিছে ৰাইজ ।

Brahmaputra Erosion : ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰই খহালে সুৰক্ষা বান্ধ

উল্লেখ্য যে প্ৰতিটো বৰ্ষতে ডিব্ৰুগড় ৰহমৰীয়াৰ পৰা মাইজান অঞ্চললৈ মহাবাহু ব্ৰহ্মপুত্ৰই খহনীয়াৰ সৃষ্টি কৰি (Massive erosion by Brahmaputra at Maijan Dibrugarh) আহিছে যদিও চলিত বৰ্ষত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে । ইতিমধ্যে চলিত বৰ্ষত হাজাৰ হেক্টৰ কৃষিভূমি নদীৰ বুকুত বিলীন হোৱাৰ লগতে বহু লোকৰ ঘৰ-বাৰী উচ্ছেদ হৈছে ।

ঘৰ-বাৰী এৰি বহু লোক মথাউৰিত আশ্ৰয় ল'বলগীয়া হৈছে । অতি গুৰুত্বপূৰ্ণ বিষয়টো হ'ল, আহিনৰ আবতৰীয়া বানে ব্ৰহ্মপুত্ৰত সৃষ্টি কৰা এই খহনীয়াই তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে ডিব্ৰুগড় বিমানবন্দৰ (Dibrugarh Airport), অসম চিকিৎসা মহাবিদ্যালয়ৰ (Assam Medical College Hospital) লগতে হাজাৰ হাজাৰ হেক্টৰ চাহ বাগিচা তথা কেইবাটাও বৃহৎ চাহ উদ্যোগলৈ ।

ইফালে জলসম্পদ মন্ত্ৰীয়ে এই স্থান পৰিদৰ্শন কৰাৰ পাছতো আজিও সমস্যা সমাধান নকৰাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ, দল-সংগঠন । দুজনকৈ কেন্দ্ৰীয় মন্ত্ৰীৰ গৃহ জিলাৰ এনে অৱস্থাই চৰকাৰৰ প্ৰকৃত স্বৰূপ উদঙাইছে বুলিও ৰাইজে মুকলিকৈ ক্ষোভ প্ৰকাশ কৰিছে । এই সন্দৰ্ভত অসম চাহ মজদুৰ সংঘ, আটছা, চাহ জনগোষ্ঠী জাতীয় মহাসভা, আছাকে ধৰি বিভিন্ন দল-সংগঠনে মাইজানত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া পৰিদৰ্শন কৰি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে ।

লগতে পঢ়ক :Deadbody recovered: ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত উটি আহিল শিশু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.