ETV Bharat / state

টিংখাঙত শিশুৰ নামত অহা খাদ্যৰ অপচয়

author img

By

Published : Sep 16, 2020, 8:22 AM IST

চৰকাৰে যোগান ধৰা শিশুৰ পুষ্টিকৰ আহাৰ এতিয়া জীৱ-জন্তুৰহে দানা হৈছেগৈ টিংখাঙত ৷ টিংখাং সংহত শিশু বিকাশ প্ৰকল্প কাৰ্যালয়ত জাবৰৰ দমৰ দৰে বস্তাই বস্তাই পেলাইছে শিশুৰ পুষ্টিকৰ আহাৰ ৷

শিশুৰ নামত অহা খাদ্যৰ অপচয়
শিশুৰ নামত অহা খাদ্যৰ অপচয়

টিংখাং, 16 ছেপ্তেম্বৰ: টিংখাং সংহত শিশু বিকাশ প্ৰকল্প কাৰ্যালয়ত জাবৰৰ দমৰ দৰে বস্তাই বস্তাই পেলাইছে শিশুৰ পুষ্টিকৰ আহাৰ ৷ চৰকাৰে যোগান ধৰা শিশুৰ পুষ্টিকৰ আহাৰ এতিয়া হৈছেগৈ জীৱ-জন্তুৰহে দানা ৷ টিংখাং অংগনবাদী কেন্দ্ৰ সমূহৰ জৰিয়তে গ্ৰামাঞ্চলৰ শিশু সকলৰ বাবে পুষ্টিকৰ আহাৰ যোগান ধৰা হৈছে ঠিকেই ৷ কিন্তু শিশুৱে চৰকাৰৰ সেই পুষ্টিকৰ আহাৰ খাবলৈ পাইছে নে নাই তাকে লৈহে এতিয়া সচেতনৰ ৰাইজৰ মাজত দোলা দিয়ে প্ৰশ্নই ৷ কিয়নো টিংখাঙৰ এই সংহত শিশু বিকাশ প্ৰকল্প কাৰ্যালয় কৰ্তৃপক্ষই ইতিমধ্যে শিশুৰ নামৰ অহা খাদ্য় সমূহ পেলাই দিয়াহে পৰিলক্ষিত হৈছে ৷

টিংখাঙত শিশুৰ নামত অহা খাদ্যৰ অপচয়

বৰ্তমানেও ম্যাদ উকলি নোযোৱা শিশুৰ পুষ্টিকৰ আহাৰ সমূহ বস্তাই বস্তাই পোলোৱা কাৰ্যই প্ৰত্যক্ষদৰ্শীৰ চকু কপালত তুলিছে ৷ তেওঁলোকৰ মতে, সেই খাদ্যখিনি পেলাই দিয়াৰ পৰিৱৰ্তে কোনো আৰ্থিকভাৱে দুৰ্বল লোকৰ মাজত বিলাই দিয়াৰো ব্যৱস্থা কৰিব পাৰিলে হয় বিভাগীয় কৰ্তৃপক্ষই ৷ আনহাতে বিভাগটোৰ এনে কাৰ্যই তেওঁলোকে যে চৰকাৰী ধনৰ অপচয় কৰিছে সেই কথা উদঙাই দিয়া বুলিও অভিযোগ কৰে সচেতন ৰাইজে ৷

লগতে পঢ়ক: মধ্যভোগীৰ হাতোৰাত বন্দী মৰাপাট কৃষকৰ ভৱিষ্যত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.