ETV Bharat / state

বৰ্তমান সংকটমুক্ত ডিব্ৰুগড়ত এচিদ আক্ৰমণৰ বলি হোৱা মহিলা গৰাকী - অধীক্ষক ডাঃ প্ৰশান্ত দিহীঙিয়া

ভেলেন্টাইন দে'ৰ দিনা আমোলাপট্ৰী নাট্য মন্দিৰৰ সমীপত এচিড আক্ৰমণৰ বলি হৈছিল হাজৰিকা উপাধিৰ 32 বছৰীয়া মহিলা গৰাকী ৷ বৰ্তমানে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে মহিলা গৰাকী ৷

victim-of-acid-attack-in-dibrugarh-is-out-of-danger
সংকটমুক্ত ডিব্ৰুগড়ত এচিদ আক্ৰমণৰ বলি হোৱা মহিলা গৰাকী
author img

By

Published : Feb 16, 2021, 3:35 PM IST

ডিব্ৰুগড়,16 ফেব্ৰুৱাৰী: প্ৰেমৰ দিৱস ভেলেন্টাইন দে'ৰ দিনটোতে ডিব্ৰুগড়ত এচিড আক্ৰমণৰ বলি হোৱা মহিলা গৰাকীৰ স্বাস্থ্যাৱস্থাৰ সম্পৰ্কে জনাইছে অসম চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষকে ৷ ততাতৈয়াকৈ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিছে যদিও মহিলা গৰাকী সম্পূৰ্ণ সুস্থ হৈ উঠিবলৈ কিছু সময়ৰ প্ৰয়োজন হ'ব বুলি জনাইছে অধীক্ষক গৰাকীয়ে ৷ কিন্তু মহিলা গৰাকী সংকটমুক্ত বুলি জনাইছে অসম চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ প্ৰশান্ত দিহীঙিয়াই ৷

সংকটমুক্ত ডিব্ৰুগড়ত এচিদ আক্ৰমণৰ বলি হোৱা মহিলা গৰাকী

উল্লেখ্য যে,ভেলেন্টাইন দেৰ দিনা ডিব্ৰুগড়ৰ আমোলাপট্ৰী নাট্য মন্দিৰৰ সমীপত হাজৰিকা উপাধিৰ 32 বছৰীয়া মহিলা গৰাকীক এচিডেৰে আক্ৰমণ কৰিছিল বুদ্ধদেৱ দাস (৫০) ওৰফে এপেল দাস নামৰ ব্যক্তি গৰাকীয়ে ৷ তেতিয়াৰে পৰা বৰ্তমানেও ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে মহিলা গৰাকী ৷ জানিব পৰা মতে,মহিলা গৰাকীয়ে ডিব্ৰুগড় আমোলাপট্ৰী নিজৰা পথত বায়েকৰ ঘৰত থাকি চুহম চপিং মলত কাম কৰি আহিছে ৷ ভেলেন্টাইন দে'ৰ দিনটোৰ সন্ধিয়া চুহম চপিং মলৰ পৰা কাম কৰি উভতি যোৱা পথতে আক্ৰমণৰ বলি হৈছিল মহিলা গৰাকী ৷ ইতিমধ্য়ে অভিযুক্ত বুদ্ধদেৱ দাসক আটক কৰি তদন্ত অব্য়াহত ৰাখিছে আৰক্ষীয়ে ৷

লগতে পঢ়কঃ আলফাৰ দ্বাৰা অপহৃত কৰ্মচাৰীৰ মুক্তিৰ আজি শেষ দিন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.