মৰাণ, 28 জানুৱাৰী : ডিব্ৰুগড় জিলাৰ চাবুৱাৰ আঞ্চলিক ছাত্র সন্থাৰ উপ-সভাপতি গুনিন বৰুৱাই বুধবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে ৷ ইয়াৰ পিচতে ছাত্ৰ নেতা জনৰ মৃত্যুত সমগ্ৰ জিলাখনতে এক শোকাকুল পৰিবেশে বিৰাজ কৰে ।

বৃহস্পতিবাৰে ছাত্ৰ নেতা জনৰ নশ্বৰ দেহ ডিব্ৰুগড় জিলাৰ আছুৰ শ্বহীদ ভৱনলৈ অনা হয় ৷ শ্বহীদ ভৱনতে আছুৰ সকলে ছাত্ৰ নেতা জনক শেষ শ্ৰদ্ধাঞ্জলি জনায় ৷
ডিব্ৰুগড় জিলাৰ হাতিআলীৰ নতুন গাঁৱৰ পিতৃ অজামিল বৰুৱা আৰু মাতৃ কুলি বৰুৱাৰ জ্যেষ্ঠ পুত্ৰ গুনিন বৰুৱাই পিতৃ-মাতৃ লগতে পৰিয়ালত এজন ভাতৃ, বোৱাৰী আৰু এটি কনমানি ভতিজাক এৰি থৈ গৈছে ।
লগতে পঢ়ক: পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি বিৰুদ্ধে গুৱাহাটী আছুৰ উত্তাল প্ৰতিবাদ