ETV Bharat / state

টিংখাঙত নিৰ্মাণৰ পাচতো মুকলি নহ'ল পশু চিকিৎসালয়

author img

By

Published : Aug 27, 2019, 9:55 AM IST

টিংখাঙত পশুপালন বিভাগৰ নগ্ন ৰূপ৷ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ 5 টা বছৰৰ পাচতো মুকলি নহ'ল পশু চিকিৎসালয় ।

টিংখাঙত নিৰ্মাণৰ পাচতো মুকলি নহ'ল পশু চিকিৎসালয়

টিংখাং, 27 আগষ্টঃ ডিব্ৰুগড় জিলাৰ টিংখাঙৰ ধমনত অৱস্থিত এখন নাম ফলক বিহীন পশু চিকিৎসা কেন্দ্ৰ ৷ 2014 চনতে এই পশু চিকিৎসা কেন্দ্ৰতো নিৰ্মাণ কৰা হৈছিল যদিও আজি পৰ্যন্ত মুকলি নহ'ল এই পশু চিকিৎসা কেন্দ্ৰতো ৷

স্থানীয় ৰাইজৰ তথ্য অনুসৰি, ইতিমধ্যে চিকিৎসালয়খনৰ গৃহৰ বেৰ আৰু মজিয়াৰ কোনো কোনো অংশত ফাট মেলিবলৈ আৰম্ভ কৰাৰ লগতে নষ্ট হ'বলৈ ধৰিছে সকলো সা- সৰঞ্জাম। অৱশ্যে স্থানীয় ৰাইজে অধিক ক্ষয়ক্ষতিৰ পৰা ৰক্ষণাবেক্ষণ দি আহিছে চৰকাৰী গৃহটো।

টিংখাঙত নিৰ্মাণৰ পাচতো মুকলি নহ'ল পশু চিকিৎসালয়

উল্লেখ্য যে, বুঢ়ীদিহিঙৰ পাৰৰ বানবিধ্বস্ত অঞ্চলটোৰ ধমন , চেচানেপালি , আঘোণিবাৰী আদি কেইবাখনো গাঁৱৰ কৃষক ৰাইজৰ জীৱিকাৰ চালিকা শক্তি হৈছে পশুধন৷ উক্ত অঞ্চল সমূহত চিকিৎসাৰ অভাৱত বছৰে-বছৰে বহু পশুধনৰ মৃত্যু হয়৷ তেনেস্থলত নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ 5 বছৰ উকলি যোৱাৰ পাচতো পশু চিকিৎসালয়খন মুকলি নোহোৱাত এতিয়া আশাহত হৈ পৰিছে কৃষিজীৱী ৰাইজ৷ ইপিনে চিকিৎসালয় খনৰ তদাৰকৰ বাবে এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিয়োগ হৈ আছে যদিও আজিলৈকে ৰাইজে তেওঁৰ দৰ্শন লাভ কৰা নাই৷ সেয়ে স্থানীয় সচেতন মহলৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ টিংখাং আঞ্চলিক সমিতিয়ে অঞ্চলটোৰ পশুপালক সকলৰ দীৰ্ঘদিনীয়া অভাৱ পূৰণ কৰি জীৱন-জীৱিকাৰ পথ সুগম কৰি তুলিবলৈ ৰাজ্য চৰকাৰ তথা বিয়াগোম পশুপালন বিভাগৰ প্ৰতি দাবী জনাইছে ।

Intro:।। টিংখাঙত পশুপালন বিভাগৰ নগ্ন ৰূপ , নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ ৫ বছৰৰ পাচতো মুকলি নহ'ল পশু চিকিৎসালয় । চাওক আমাৰ এক প্ৰতিবেদন।

Body: বিজ্ঞাপনতে চলিছে ৰাজ্যৰ পশুপালন বিভাগ। পশুপালন বিভাগত খালি আছে হাজাৰোধিক পদ , কিন্তু তাৰ বিপৰীতে নিযুক্তি শূন্য। ৰাজ্যৰ প্ৰায়বোৰ পশু চিকিৎসালয় এতিয়া পৰিণত হৈছে ভালুকৰ সাঙীলৈ। গ্ৰাম্য অৰ্থনীতিৰ প্ৰতি সদায়ে দায়বদ্ধ বুলি জাহিৰ কৰি অহা সোনোৱাল চৰকাৰৰ প্ৰকৃত স্বৰূপ উদঙাব টিংখাঙৰ এইখন পশু চিকিৎসালয়ে।
টিংখাঙৰ ধমনত অৱস্থিত নাম ফলক বিহীন এই পশু চিকিৎসা কেন্দ্ৰতো ২০১৪ চনতে নিৰ্মাণ হ'ল যদিও আজিও মুকলি নহ'ল। লাখ-লাখ চৰকাৰী ধন ব্যয় কৰি নিৰ্মাণ কৰা পশু চিকিৎসালয়খন এতিয়া একপ্ৰকাৰ ফুলদানিত পৰিণত হৈছে অঞ্চলবাসী ৰাইজৰ বাবে। ইতিমধ্যে চিকিৎসালয় গৃহৰ বেৰ আৰু মজিয়াৰ কোনো কোনো অংশত ফাট মেলিবলৈ আৰম্ভ কৰাৰ লগতে নষ্ট হ'বলৈ ধৰিছে সকলো সা- সৰঞ্জাম। অৱশ্যে স্থানীয় ৰাইজে অধিক ক্ষয়ক্ষতিৰ পৰা ৰক্ষণাবেক্ষণ দি আহিছে চৰকাৰী গৃহটো।

Byte-1 স্হানীয় লোক।
Conclusion:উল্লেখযোগ্য বুঢ়ীদিহিঙৰ পাৰৰ বানবিধ্বস্ত অঞ্চলটোৰ ধমন , চেচানেপালি , আঘোণিবাৰী আদি কেইবাখনো গাঁৱৰ কৃষক ৰাইজৰ জীৱিকাৰ চালিকা শক্তি হৈছে পশুধন। পশুধনৰ চিকিৎসা আৰু প্ৰজননৰ বাবে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে হাহাকাৰ কৰিবলগীয়া হয়। চিকিৎসাৰ অভাৱত বছৰে-বছৰে বহু পশুধনৰ মৃত্যু হয় অঞ্চলটোত। তেনেস্থলত নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ ৫ বছৰ উকলি যোৱাৰ পাচতো পশু চিকিৎসালয়খন মুকলি নোহোৱাত এতিয়া আশাহত হৈ পৰিছে কৃষিজীৱী ৰাইজ। উল্লেখযোগ্য যে চিকিৎসালয় খনৰ তদাৰকৰ বাবে এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিয়োগ হৈ আছে যদিও আজিলৈকে ৰাইজে দৰ্শন লাভ কৰা নাই।
সেয়ে অঞ্চলটোৰ পশুপালক সকলৰ দীৰ্ঘদিনীয়া অভাৱ পূৰণ কৰি জীৱন-জীৱিকাৰ পথ সুগম কৰি তুলিবলৈ ৰাজ্য চৰকাৰ তথা বিয়াগোম পশুপালন বিভাগৰ প্ৰতি দাবী জনাইছে স্থানীয় সচেতন মহলৰ লগতে অসম জাতিয়তাবাদী যুৱ ছাত্র পৰিষদৰ টিংখাং আঞ্চলিক সমিতিয়ে।

Byte-(2)- বিষয়বৱীয়া , অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদ।

টিংখাঙৰ পৰা দীপক গগৈ,ই টিভি ভাৰত
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.