ETV Bharat / state

Cattle smuggling : অবৈধভাৱে কঢ়িয়াই অনা গৰুভৰ্তি বাহন জব্দ - অবৈধভাৱে কঢ়িয়াই অনা গৰু

ডিব্ৰুগড়ত অবৈধভাৱে কঢ়িয়াই অনা গৰুভৰ্তি বাহন ৰাইজে জব্দ কৰি গতাই দিলে আৰক্ষীক ৷ এজনক আটক ৷

vehicle with smuggled cattle seized in dibrugarh
অবৈধভাৱে কঢ়িয়াই অনা গৰুভৰ্তি বাহন জব্দ
author img

By ETV Bharat Assamese Team

Published : Nov 3, 2023, 8:54 AM IST

অবৈধভাৱে কঢ়িয়াই অনা গৰুভৰ্তি বাহন জব্দ

ডিব্ৰুগড়, 3 নৱেম্বৰ : ৰাজ্য চৰকাৰে গৰু সৰবৰাহ বন্ধ কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে । ইতিমধ্যে ৰাজ্যত চলি থকা গৰুৰ মুকলি বজাৰসমূহ বন্ধ কৰি দিছে চৰকাৰে । ইয়াৰ মাজতে উজনিত গৰু সৰবৰাহ অব্যাহত আছে । কেতিয়াবা যদি চোৰাংভাৱে গৰু সৰবৰাহ হৈছে, কেতিয়াবা আকৌ নীতি বৰ্হিঃভূতভাৱে গাড়ীৰে গৰু সৰবৰাহ হৈছে । বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ বকপৰাত অবৈধভাৱে গৰু সৰবৰাহ কৰা এখন বাহন স্থানীয় ৰাইজে জব্দ কৰি আৰক্ষীক গতাই দিয়ে ।

AS02CC 0862 টাটা যোদ্ধা বাহনখনত গো আইনক অমান্য কৰি অবৈধভাৱে 12 টা গৰু কঢ়িয়াই আনিছিল সৰবৰাহকাৰীয়ে । ডিব্ৰুগড়ৰ চাউলখোৱাৰ পৰা নগাঁৱলৈ আব্দুল আলী নামৰ চোৰাং গো ব্যৱসায়ীটোৱে উক্ত বাহনখনেৰে গৰুখিনি কঢ়িয়াই নিছিল । স্থানীয় ৰাইজৰ ৰোষত পৰাৰ ভয়ত আন তিনিটা চোৰাং সৰবৰাহকাৰীয়ে পলায়ন কৰে ।

উল্লেখ্য যে, বাহনখন গৰু সৰবৰাহৰ অনুজ্ঞাপত্ৰ, পৰ্যাপ্ত ঠাই, গোধনৰ খাদ্য, বিক্ৰীদাৰৰ ৰচিদ আদি প্ৰয়োজনীয় নথি অবিহনেই চলি আছিল ৷ আৰক্ষীৰ চকুৰ সন্মুখতে এইদৰে অবৈধভাৱে গৰু সৰবৰাহ কাৰ্য চলি থকাত তীব্ৰ ক্ষোভ উজাৰিছে স্থানীয় ৰাইজে । আৰক্ষীয়ে বাহনসহ 12 গৰু জব্দ কৰে যদি ইয়াৰে দুটা মৃতপ্ৰায় অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ।

দুটা দিনৰ পূৰ্বেও চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত দিৰৈ ৰাঙলীৰ আদৰ্শ গাঁৱত স্থানীয় ৰাইজৰ সহযোগত 3 খন গৰু ভৰ্তি বাহনসহ মুঠ 25 টা‌ অবৈধভাৱে অনা গৰু জব্দ কৰিছিল মৰাণহাট থানাৰ আৰক্ষীয়ে । ইয়াৰ পৰাই প্ৰমাণ হৈছে উজনিত অব্যাহত আছে অবৈধ গৰু সৰবৰাহ ।

লগতে পঢ়ক : Cattle smuggling: আৰক্ষীয়ে ধৰিয়েই আছে, সৰবৰাহকাৰীয়ে চলায়েই আছে; গৰুৰ চোৰাং বেহা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.