মৰাণ, ৯ মে': দেশজুৰি ক'ভিড-১৯ ৰ সংক্ৰমণ ব্যাপক হাৰত বৃদ্ধি পাইছে । হাজাৰ চেষ্টা কৰিও ৰোধ কৰিব পৰা নাই মহামাৰী ক'ভিডৰ সংক্ৰমণ । সমগ্ৰ ৰাজ্যৰ লগতে ডিব্ৰুগড়তো দৈনিক দ্ৰুত গতিত বৃদ্ধি পাইছে ক'ভিডৰ সংক্ৰমণ ।
![vaccination](https://etvbharatimages.akamaized.net/etvbharat/prod-images/11696399_282_11696399_1620554776965.png)
এই সংক্ৰমণ ৰোধ কৰিবলৈ জিলা প্ৰশাসন, স্বাস্থ্য বিভাগে বহু প্ৰচেষ্টা হাতত লৈছে । এই উদ্দেশ্যে দেওবাৰে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে জিলাখনৰ চাহবাগিছা এলেকাসমূহত ক'ভিডৰ টীকাকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰে ।
![vaccination](https://etvbharatimages.akamaized.net/etvbharat/prod-images/11696399_634_11696399_1620554742673.png)
বিশেষ কাৰ্যসূচীৰ অধীনত জিলাখনৰ চাহবাগিছা এলেকাৰ বিভিন্ন টীকা প্ৰদান কেন্দ্ৰসমূহত বাগিছাৰ লোকসকলক টীকা প্ৰদান কৰা হৈছে । দেওবাৰে পুৱাৰে পৰা বাগিছাৰ সকলোৱে শাৰী-পাতি ক'ভিড প্ৰট’কল মানি চলি টীকাকৰণ কেন্দ্ৰলৈ আহে ।
![vaccination](https://etvbharatimages.akamaized.net/etvbharat/prod-images/11696399_631_11696399_1620554704586.png)
প্ৰশাসনৰ তৰফৰ পৰা সুচাৰূৰুপে টীকাকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে । টীকা গ্ৰহণ কৰি লোকসকলে সকলোকে মহমাৰীৰে যুঁজিবলৈ টীকা গ্ৰহণ কৰিবলৈ অনুৰোধ জনায় । প্ৰশাসনে জানিবলৈ দিয়া মতে, পৰ্যায় ক্ৰমে জিলাখনৰ সকলো চাহ বাগিচা এলেকাত টীকাকৰণ কৰা হ'ব ।
![vaccination](https://etvbharatimages.akamaized.net/etvbharat/prod-images/11696399_866_11696399_1620554667747.png)
উল্লেখ্য যে, শুকুৰবাৰৰ দিনটোৰ সন্ধিয়া ৫ বজালৈকে ডিব্ৰুগড় জিলাত ক'ভিড-১৯ ত আক্ৰান্ত হোৱা ব্যক্তিৰ সংখ্যা ৪,৮৯৩ গৰাকীলৈ বৃদ্ধি পোৱাৰ বিপৰীতে মৃত্যু হয় ৩৯ গৰাকীৰ ৷ ইপিনে, শনিবাৰৰ দিনটোত নতুনকৈ পুনৰ ৩৬৪ গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে ৫ গৰাকীৰ ৷
![vaccination](https://etvbharatimages.akamaized.net/etvbharat/prod-images/11696399_919_11696399_1620554631753.png)
লগতে পঢ়ক: বুঢ়াপাহাৰত দুৰ্ঘটনাত পতিত যাত্ৰীবাহী বাছ