ETV Bharat / state

গাহৰিৰ পাছতে খোৱাঙত অচিন ৰোগত মৃত্যু পশুধনৰ

ডিব্ৰুগড়ৰ খোৱাঙত গাহৰিৰ পাছতে অচিন ৰোগত মৃত্যু হৈছে পশুধনৰ ৷ এসপ্তাহৰ ভিতৰতে 7 টাকৈ গৰু আৰু 8টা ছাগলীৰ মৃত্যু ৷ গাঁওসমূহত পশু চিকিৎসকৰ দল উপস্থিত হৈ অঞ্চলটোৰ প্ৰায় ৪৫০ টা গৰু-ছাগলীক প্ৰতিষেধক দিয়ে ৷

author img

By

Published : Apr 27, 2020, 6:02 PM IST

গাহৰিৰ পাছতে খোৱাঙত অচিন ৰোগত মৃত্যু পশুধনৰ
গাহৰিৰ পাছতে খোৱাঙত অচিন ৰোগত মৃত্যু পশুধনৰ

মৰাণ,27 এপ্ৰিল : ডিব্ৰুগড় জিলাৰ খোৱাঙৰ বিভিন্ন গাঁৱত শ শ গাহৰিৰ মৃত্যু হোৱাৰ পাছতে এইবাৰ অচিন ৰোগত আক্ৰান্ত হৈছে গৰু-ছাগলী ৷ ইতিমধ্যে খোৱাং কলৌলোৱাত বহুসংখ্যক গৰু-ছাগলী অচিন ৰোগত আক্ৰান্ত হোৱাৰ লগতে মৃত্যুমুখত পৰিছে। এসপ্তাহৰ ভিতৰতে 7 টাকৈ গৰু আৰু 8টা ছাগলীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ।

সমগ্ৰ ঘটনা সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰাৰ পিছতে পশু চিকিৎসকৰ দল গাঁওখনত উপস্থিত হৈ অঞ্চলটোৰ প্ৰায় ৪৫০টা গৰু-ছাগলীক প্ৰতিষেধক প্ৰদান কৰে ৷ খোৱাঙৰ পশু চিকিৎসক ডাঃ জনক চুতীয়াই জলাতংক ৰোগত আক্ৰান্ত হৈ অঞ্চলটোত পশুধনৰ মৃত্যু হোৱা বুলি সন্দেহ ব্যক্ত কৰিছে যদিও অঞ্চলটোৰ ৰাইজ এতিয়াও শংকামুক্ত হোৱা নাই ৷

বৰ্তমানেও বহু গৰু-ছাগলী এই অচিন ৰোগত আক্ৰান্ত হৈ থকাত পশুপালন বিভাগৰ পৰা সু-ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে কৃষক ৰাইজে ৷ আনহাতে, খোৱাং কলৌলোৱা গাঁৱত বহু সংখ্যক হাঁহ-কুকুৰাৰো মৃত্যু হোৱা বুলি জানিবলৈ দিয়ে স্থানীয় ৰাইজে ।

লগতে পঢ়ক : কৰিমগঞ্জত বন গাহৰিৰ আক্ৰমণত আহত তিনি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.