ETV Bharat / state

নৱবৰ্ষত পিকনিকৰ আনন্দ ল'লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

author img

By

Published : Jan 2, 2022, 12:38 PM IST

চাবুৱাৰ ডিব্ৰু নদীৰ বালিচৰত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Sarbananda Sonowal at Chabua) ৷ জন্মভূমিত উপস্থিত হৈ নিজ গাঁৱৰ যুৱক-যুৱতীৰ সৈতে বনভোজৰ আনন্দ ল'লে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে (Union minister Sarbananda Sonowal enjoys picnic) ৷

centrel-minister-sarbananda-sonowal-at-chabua-dibru-river
চাবুৱাৰ ডিব্ৰু নদীৰ বালি চৰত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

চাবুৱা, 2 জানুৱাৰী : নৱবৰ্ষৰ পহিলা জানুৱাৰীৰ দিনা চাবুৱাৰ মুলুক গাঁৱত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Sarbananda Sonowal at Chabua) ৷ জন্মস্থানত উপস্থিত হৈ বিন্ধাকটা মুলুক গাঁৱৰ বাসগৃহত অৱস্থিত পিতৃ-মাতৃৰ সমাধিত সেৱা জনায় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে (Sarbananda Sonowal in his birth place) ৷

নৱবৰ্ষ উপলক্ষে সমূহ অসমবাসী ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে সমাজৰ পৰা হত্যা, হিংসা ইত্যাদি দূৰ হোৱাৰ কামনা কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷

শনিবাৰে পুৱা ডিব্ৰু নৈৰ বালিচৰত গাঁৱৰ যুৱকসকলে আয়োজন কৰা বনভোজত অংশগ্ৰহণ (Union minister Sarbananda Sonowal enjoys picnic) কৰে মন্ত্ৰীগৰাকীয়ে ৷ চাহ-জলপান গ্ৰহণ কৰাৰ লগতে নৌকাত উঠি ডিব্ৰু নদীৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰে সোণোৱালে ৷ তদুপৰি উপস্থিত সকলোৰে সৈতে মত বিনিময় কৰে ৷

ইয়াৰোপৰি সংবাদ মাধ্যমৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নাম উজলাবলৈ সক্ষম হোৱা অসমৰ জ্যেষ্ঠ-কনিষ্ঠ সাহিত্য, ক্ৰীড়া, সাংস্কৃতিক ক্ষেত্ৰৰ ব্যক্তিসকলক কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে শুভেচ্ছা জ্ঞাপন কৰে । তদুপৰি চৰকাৰে বান্ধি দিয়া ক'ভিড নীতিসমূহ পালন কৰিবলৈ ৰাইজক আহ্বান জনায় ৷

উল্লেখ্য যে, কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক এই বিশেষ বনভোজত সংগ দিয়ে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, লাহোৱালৰ প্ৰাক্তন বিধায়ক ঋতুৰ্পণ বৰুৱাৰ লগতে বহু কেইগৰাকী বিজেপি নেতা-কৰ্মীয়ে ৷

লগতে পঢ়ক : মে'ৰ পৰা পাণ্ডুত আৰম্ভ হ'ব জাহাজ মেৰামতিৰ কাম : কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.