ETV Bharat / state

Project jyoti scheme:দিব্যাংগ ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰজেক্ট জ্যোতি আঁচনি - অভিনেতা ভিক্টৰ বেনাৰ্জী

সৰ্বভাৰতীয় অনুষ্ঠান এম জনচনৰ জৰিয়তে অসমত প্ৰথমবাৰৰ কাৰণে মৰাণ জনমংগল আদৰ্শ অন্ধ বিদ্যালয়লৈ অত্যাধুনিক প্ৰযুক্তিৰ মোবাইল ফোন বিতৰণ ৷

Project jyoti scheme
প্ৰজেক্ট জ্যোতি আঁচনি
author img

By ETV Bharat Assamese Team

Published : Nov 10, 2023, 11:37 AM IST

প্ৰজেক্ট জ্যোতি আঁচনি

ডিব্ৰুগড়, 10 নৱেম্বৰ : দিব্যাংগ ছাত্ৰ-ছাত্ৰীসকলক আগত ৰাখি লোৱা হৈছে এক প্ৰশংসনীয় পদক্ষেপ ৷ সাধাৰণ ছাত্ৰ-ছাত্ৰীসকলৰ দৰেই যাতে দিব্যাংগ ছাত্ৰ-ছাত্ৰীসকলো জীৱন যুঁজত আগবাঢ়ি যাব পাৰে তাকেই মূল লক্ষ্য হিচাপে লৈ ৰূপায়ণ কৰা হৈছে এখন আঁচনি, নাম প্ৰজেক্ট জ্যোতি ৷ অসমলৈ প্ৰথমবাৰৰ বাবে এই আঁচনি মৰাণ জনমংগল আদৰ্শ অন্ধ বিদ্যালয়ৰ জৰিয়তে অনা হৈছে ৷

সৰ্বভাৰতীয় অনুষ্ঠান এম জনচনৰ জৰিয়তে অসমত প্ৰথমবাৰৰ বাবে মৰাণ জনমংগল আদৰ্শ অন্ধ বিদ্যালয়লৈ অত্যাধুনিক প্ৰযুক্তিৰ মোবাইল ফোন বিতৰণ কৰা হৈছে ৷ সাধাৰণ মানুহৰ দৰেই লিখা-পঢ়া কৰিব পাৰিব দিব্যাংগ ছাত্ৰ-ছাত্ৰীয়ে ৷ অত্যাধুনিক সুবিধাযুক্ত এই মোবাইল ফোনৰ ব্যৱহাৰেৰে এতিয়াৰ পৰা দিব্যাংগ ছাত্ৰ-ছাত্ৰীসকলে সকলোৰে লগতে ফেৰ মাৰিব পাৰিব ৷৷ সাধাৰণ ছাত্ৰ-ছাত্ৰীৰ দৰেই শিক্ষাগ্ৰহণ কৰিব পাৰিব দিব্যাংগ ছাত্ৰ-ছাত্ৰীয়ে ৷

সৰ্বভাৰতীয় সংস্থা এম জনচনে মিচন জ্যোতিৰ অধীনত মৰাণ জনমংগল আদৰ্শ অন্ধ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীলৈ আগবঢ়াইছে এনে বিশেষ সুবিধা যুক্ত মোবাইল ফোন ৷ যাৰ যোগেদি ব্ৰেইলী পদ্ধতি নোহোৱাকৈ পঢ়া আৰু লিখা কাম কৰিব পাৰিব দিব্যাংগ ছাত্ৰ-ছাত্ৰীয়ে ৷ ছত্তীশগড়, মেঘালয়, পশ্চিমবংগ, জন্মু-কাশ্মীৰৰ পাচত অসমত পোনপ্ৰথমবাৰৰ বাবে মৰাণ জনমংগল আদৰ্শ অন্ধ বিদ্যালয়ত প্ৰদান কৰা হৈছে এনে সুবিধাযুক্ত মোবাইল ফোন ৷

এই উদ্দেশ্য মৰাণ জনমংগল আদৰ্শ অন্ধ বিদ্যালয়ৰ প্ৰেক্ষাগৃহত বৃহস্পতিবাৰে আবেলি অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এম জনচনৰ বিষয়া প্ৰিয়া নন্দী, ঋতুৰাজ হাজৰিকা, নজৰানা আহমেদকে ধৰি বহুসংখ্যক গন্য-মাণ্য ব্যক্তি উপস্থিত থাকে ৷ প্ৰথম পৰ্যায়ত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ১৭ টা এনে মোবাইল যোগান ধৰিছে সংস্থাটোৱে ৷ উল্লেখ্য যে, উত্তৰ পূৰ্বাঞ্চল এখন আগশাৰীৰ অন্ধ বিদ্যালয় হৈছে মৰাণৰ জনমংগল আদৰ্শ অন্ধ বিদ্যালয় । ১৯৭১ চনতে প্ৰতিষ্ঠা লাভ কৰা বিদ্যালয়খন আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন অভিনেতা ভিক্টৰ বেনাৰ্জীয়ে পৰিচালনা কৰি আহিছে ।

লগতে পঢ়ক : Moran Blind School: বিদেশী পৰ্যটকক লগত গৈ মৰাণৰ অন্ধ বিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন অভিনেতা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.