ETV Bharat / state

Encounter at Khowang: ডিব্ৰুগড়ৰ খোৱাঙত আৰক্ষীৰ এনকাউণ্টাৰত আহত আলফাৰ লিংকমেন - সংযুক্ত মুক্তি বাহিনী অসম

শনিবাৰে নিশা ডিব্ৰুগড়ৰ খোৱাঙত সংঘটিত হ’ল এনকাউণ্টাৰৰ ঘটনা ৷ আৰক্ষীৰ এনকাউণ্টাৰত আহত এজন আলফাৰ লিংকমেন ৷

ULFA I LinkMan Injured in Police Firing at Khowang
ডিব্ৰুগড়ৰ খোৱাঙত এনকাউণ্টাৰত আহত আলফাৰ লিংকমেন
author img

By

Published : Jul 23, 2023, 1:02 PM IST

ডিব্ৰুগড়, 23 জুলাই : ডিব্ৰুগড়ৰ খোৱাঙত সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন) সংগঠনৰ নামত ধন সংগ্ৰহ কৰা ব্যক্তিক চিনাক্ত কৰি ৰাইজৰ আদালতত ৰাইজৰ দ্বাৰা কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ 22 জুলাই, শনিবাৰে আলফা স্বাধীনে সংবাদ মাধ্যমলৈ বিবৃতি প্ৰেৰণ কৰাৰ দিনাই নিশা ডিব্ৰুগড়ৰ খোৱাঙত আৰক্ষীৰ এনকাউণ্টাৰত আহত হয় এজন আলফা (স্বাধীন)ৰ লিংকমেন ৷

আৰক্ষীৰ এনকাউণ্টাৰত খোৱাঙত এজন আলফাৰ লিংকমেন আহত হয় ৷ আহত লিংকমেনজনৰ নাম হেম চেতিয়া বুলি জানিব পৰা গৈছে ৷ লিংকমেনজনে ডিব্ৰুগড় আৰু তিনিচুকীয়াত আলফাৰ নামত ধন দাবী কৰা বুলি আৰক্ষীয়ে সম্ভেদ লাভ কৰিছিল ৷ খোৱাঙৰ তিনঠেঙীয়াত শনিবাৰে নিশা আৰক্ষীয়ে লিংকমেনজনক এনকাউণ্টাৰ কৰে ৷ ইতিমধ্যে আহত হেম চেতিয়াক অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰি চিকিৎসা চলাই থকা হৈছে ৷ অৱ অৱশ্যে সমগ্ৰ ঘটনাক লৈ আৰক্ষীয়ে এতিয়াও সংবাদ মাধ্যমৰ আগত অধিক তথ্য প্ৰকাশ কৰাৰ পৰা বিৰত আছে ৷

উল্লেখ্য যে, আলফা স্বাধীন আৰু চৰকাৰৰ মাজত আলোচনাৰ বিষয় আগ নবঢ়াৰ পাছতেই ৰাজ্যত পুনৰ আলফাই সাংগঠনিক কাম-কাজ আৰম্ভ কৰাৰ কুছ কাৱাজ চলিছিল ৷ উজনিত সদস্য ভৰ্তিৰ লগতে ব্যাপক ধন সংগ্ৰহ কৰাৰো অভিযোগ উঠিছিল আলফা স্বাধীনৰ বিৰুদ্ধে ৷ ইয়াৰ পাচতেই 22 জুলাই শনিবাৰে এই সন্দৰ্ভত স্পষ্টিকৰণ দিছিল আলফানে (স্বাধীন) ৷

আলফা (স্বাধীন)ৰ প্ৰচাৰ বিভাগৰ কেপ্তেইন ৰুমেল অসমৰ স্বাক্ষৰিত এখন প্ৰেছ বিবৃতিত সংগঠনটোৱে স্পষ্ট কৰি উল্লেখ কৰিছিল যে, বিগত কিছুদিন ধৰি কাকপথাৰৰ বিভিন্ন অঞ্চলৰ ব্যৱসায়ী, ঠিকাদাৰক সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন) সংগঠনৰ নামত এক দুষ্টচক্ৰই বিপুল পৰিমাণৰ ধনদাবী কৰি শেহতীয়াকৈ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈ সংগঠনৰ এগৰাকী সদস্যৰ নাম সাঙুৰি যি স্বীকাৰোক্তি প্ৰদান কৰিছে সেয়া সম্পূর্ণ ভিত্তিহীন আৰু উদ্দেশ্যপ্ৰণোদিত ৷

গ্ৰেপ্তাৰ হোৱা আত্মসমৰ্পণকাৰী সদস্যজনৰ সৈতে সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন) সংগঠনৰ কোনো যোগসূত্ৰ নাই বুলি উল্লেখ কৰি বিবৃতিটোত অসমবাসী ৰাইজক এনে বা-বাতৰিত পতিয়ন নগৈ সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন) সংগঠনৰ নামত ধন সংগ্ৰহ কৰা ব্যক্তিক চিনাক্ত কৰি ৰাইজৰ আদালতত ৰাইজৰ দ্বাৰা কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনাইছিল সংগঠনটোৱে ৷ সংগঠনটোৱে এই বিবৃতি দিয়াৰ দিনাটোতে অৰ্থাৎ 22 জুলাই, শনিবাৰে নিশাৰ ভাগত ডিব্ৰুগড়ৰ খোৱাঙত সংঘটিত হ’ল এই এনকাউণ্টাৰৰ ঘটনা ৷

লগতে পঢ়ক : Reserve close to IC: হাউলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গোপাল বৰাক ৰিজাৰ্ভ ক্ল'জ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.