ETV Bharat / state

লুৰিণৰ মাতৃৰ মৃত্যুত শোকপ্ৰকাশ আলফা(স্বাঃ)ৰ

author img

By

Published : Apr 1, 2021, 3:56 PM IST

অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ মাতৃৰ বিয়োগৰ পাছতে গভীৰ শোকপ্ৰকাশ আলফা(স্বাঃ)ৰ । এক বিবৃতিযোগে শোকসন্তপ্ত পৰিয়ালটিলৈ সমবেদনা জ্ঞাপন কৰে আলফা(স্বাঃ)য়ে ।

লুৰিণৰ মাতৃৰ মৃত্যুত শোকপ্ৰকাশ আলফা(স্বাঃ)ৰ
লুৰিণৰ মাতৃৰ মৃত্যুত শোকপ্ৰকাশ আলফা(স্বাঃ)ৰ

মৰাণ,১ এপ্ৰিল: অসম জাতীয় পৰিষদৰ সভাপতি তথা সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ মাতৃ দুলু গগৈৰ দেহাৱসানৰ পিছতে সমগ্ৰ ৰাজ্যতে শোকৰ ছাঁ পৰিছে । লুৰিণৰ মাতৃৰ আত্মাৰ চিৰশান্তিৰ কামনা কৰিছে ৰাজ্যবাসীয়ে । সমান্তৰালকৈ বৃহস্পতিবাৰে আলফা(স্বাঃ)ই শোকপ্ৰকাশ কৰে ।

এক বিবৃতিযোগে শোকসন্তপ্ত পৰিয়ালটিলৈ সমবেদনা জ্ঞাপন কৰে । উল্লেখ্য যে, উচ্চ ৰক্তচাপত ভূগি থকা দুলু গগৈয়ে যোৱা ২৯ মাৰ্চৰ পৰা ডিব্ৰুগড়ৰ সঞ্জীৱনী নাৰ্ছিংহোমত চিকিৎসাধীন হৈ আছিল । অৱশেষত বুধবাৰে নিশা ১১ বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ।

লগতে পঢ়ক: দক্ষিণ কৰিমগঞ্জৰ ভোটকেন্দ্ৰত ইভিএম বিকল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.