ডিব্ৰুগড়, 25 নৱেম্বৰ : উজনিত পুনৰ সক্ৰিয় হৈ উঠিছে আলফা স্বাধীন । ধন সংগ্ৰহ আৰু নতুন সদস্য ভৰ্তিৰ বাবে উজনিৰ কেইবাখনো জিলাত আলফা স্বাধীনৰ সক্ৰিয়তা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে । শেহতীয়াকৈ আলফা স্বাধীনৰ শিবিৰত আলফা কেডাৰক মৃত্যুদণ্ড দিয়াৰ খবৰ ৰাজহুৱা হোৱাৰ পাচত আলফা স্বাধীনৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছিল ।
তথাপিও সংগঠনটোত সদস্য ভৰ্তি কম হোৱা নাছিল ৷ উজনিৰ কেইবাখনো জিলাৰ পৰা আলফা স্বাধীনলৈ বহু যুৱক- যুৱতীক ঢাপলি মেলাৰ তথ্য সংবাদ মাধ্যমযোগে পোহৰলৈ আহিছে । এই খবৰবোৰে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি থকাৰ সময়তে চৰাইদেউত আত্মসমৰ্পণ কৰে দুই আলফা কেডাৰে ৷
শুকুৰবাৰে চৰাইদেউ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰা দুই আলফা কেডাৰৰ নাম কেপ্টেইন নয়ন পাট মাউত ওৰফে বিকাশ অসম আৰু দীপক হাতী বৰুৱা ওৰফে দিব্য অসম বুলি জানিব পৰা গৈছে । শুকুৰবাৰে আত্মসমৰ্পণ কৰা দুই আলফা সদস্যই আত্মসমৰ্পণৰ সময়ত দুটা থাইলেণ্ডত নিৰ্মিত গ্ৰেণেড আৰু দুটা 9 MM পিষ্টল আৰু 25 ৰাউণ্ড সক্ৰিয় গুলী চৰাইদেউ আৰক্ষীক জমা দিছে বুলি আৰক্ষীয়ে জনায় ৷
আত্মসমৰ্পণকাৰী দুই আলফা সদস্য ক্ৰমে বিক্ৰম অসমৰ ঘৰ সোণাৰিৰ লুখুৰাখন গৰখীয়া হাবি গাঁৱত আৰু দিব্য অসমৰ ঘৰ ডিগবৈ টকনি গাঁৱত ৷ আত্মসমৰ্পণকাৰী দুই আলফা কেডাৰক চৰাইদেউ আৰক্ষীয়ে গুৱাহাটীৰ অসম আৰক্ষীৰ বিশেষ শাখালৈ প্ৰেৰণ কৰা বুলি বিশেষ সুত্ৰৰ পৰা জানিব পৰা গৈছে । আত্মসমৰ্পণকাৰী দুই আলফা কেডাৰ সম্পৰ্কত আৰক্ষীয়ে বিতং কোনো তথ্য বৰ্তমানলৈ ৰাজহুৱা কৰা নাই ।
লগতে পঢ়ক : টিংখাঙৰ ৰাজপথত জ্বলিল সাংসদ কামাখ্যা প্ৰসাদ তাচাৰ পুত্তলিকা